আজি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ ওপজা দিন । ১৮৮৮ চনৰ আজিৰ দিনটোতে হাজোত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী মুক্তিযোদ্ধাও আছিল । ১৯৫০ চনৰ ১২ আগষ্টৰ পৰা ১৯৫৭ চনৰ ২৮ ডিচেম্বৰলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল । তেওঁ ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিললৈ তেতিয়াৰ মাদ্ৰাজ ৰাজ্যৰ (বৰ্তমানৰ তামিলনাডু) ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । এইগৰাকী ৰাজনীতিকলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী যামিনী ৰয়ৰ স্মৃতি দিৱস । তেওঁ বাংলাৰ বিখ্যাত লোকচিত্ৰ কালীঘাট পটচিত্ৰ শিল্পক নতুন মাত্ৰা প্ৰদান কৰে । তেওঁ গ্ৰাম্য বাংলাৰ লোককলা পুতলা, গাঁৱলীয়া মানুহৰ সুখ-দুখৰ চিত্ৰ অংকন কৰিছিল । তেওঁ ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ৰ পিতৃ আছিল । তেওঁ আছিল চাৰু শিল্পৰ সৰ্বশ্ৰেষ্ঠ সন্মান ললিত কলা একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী শিল্পী । ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি হিন্দী সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক ৰামধাৰী সিং ‘দিনকৰ’ৰ স্মৃতি দিৱস । তেওঁ আছিল হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ কবি, সাহিত্য সমালোচক তথা নিবন্ধকাৰ । তেওঁক আধুনিক যুগৰ শ্ৰেষ্ঠ ‘বীৰ ৰস’ৰ কবি বুলি কোৱা হয় । তেওঁ এগৰাকী মুক্তিযুঁজাৰু, ৰাজ্যসভাৰ সদস্য, সাংবাদিক তথা চেতাৰবাদকো আছিল । তেওঁৰ ‘কুৰুক্ষেত্ৰ’ নামৰ কাব্যগ্ৰন্থখনে পৃথিৱীৰ এশখন কাব্যগ্ৰন্থৰ ভিতৰত ৭৪ সংখ্যক স্থান লাভ কৰে । ‘উৰ্বশী’ কাব্যগ্ৰন্থৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে । তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰে । ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানো প্ৰদান কৰে । ১৯৭৪ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ।