আজি স্বাধীনতা সংগ্ৰামী মতিলাল নেহৰুৰ ওপজা দিন । ১৮৬১ চনৰ আজিৰ দিনটোতে আগ্ৰাত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কালৰ সংগ্ৰামীসকলৰ মাজৰ এজন আছিল তেওঁ । তেওঁ এলাহাবাদৰ এগৰাকী বিখ্যাত আইনজীৱী আছিল । ১৯১৯-১৯২০ আৰু ১৯২৮-১৯২৯ বৰ্ষত তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল । তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ । এইগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট মনস্তাত্বিক ছিগমুণ্ড ফ্ৰয়েডৰ ওপজা দিন । ১৮৫৬ চনৰ আজিৰ দিনটোতে তেতিয়াৰ অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ চেক গণৰাজ্য) মোৰাভিয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী মনোৰোগৰ চিকিৎসক আৰু মনস্তত্ত্ববিদ । তেওঁক মনোবীক্ষণৰ জনক বুলি কোৱা হয় । মানৱ মনৰ বিভিন্ন তত্ত্ব তেওঁ উদ্ভাৱন কৰিছিল । তেওঁ ইডিপাছ কমপ্লেক্স আৰু ইলেক্ট্ৰা কমপ্লেক্স নামৰ মতবাদৰ বাবে বিশেষভাৱে খ্যাত । এইগৰাকী বিশিষ্ট মনস্তাত্ত্বিকলৈ আমাৰ প্ৰণাম ।
আজি শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ইটালীয়ান স্বাস্থ্যবিদ তথা শিক্ষাবিদ । আজি সমগ্ৰ বিশ্বতে সমাদৃত মণ্টেছৰী শিক্ষা প্ৰণালীৰ তেওঁ উদ্ভাৱক আছিল । তেওঁ আছিল ৰোমৰ প্ৰসিদ্ধ ৰোম লা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত উত্তীৰ্ণ ইটালীৰ প্ৰথমগৰাকী মহিলা চিকিৎসক । ১৯৫২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী শিক্ষাবিদলৈ আমাৰ প্ৰণাম ।