আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপজা দিন । ১৮৬১ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক । ১৯১৩ চনত তেওঁ ‘গীতাঞ্জলি’ নামৰ কাব্যগ্ৰন্থৰ বাবে ন’বেল বঁটা লাভ কৰিছিল । তেওঁ আছিল ন’বেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী ব্যক্তি । তেওঁ বিশ্বৰ একমাত্ৰ ব্যক্তি যিয়ে দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল । তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণ মন’ ৰচনা কৰাৰ উপৰি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোণাৰ বাংলা’ ৰচনা কৰিছিল । এই পবিত্ৰ দিনটোত কবিগুৰুলৈ আমাৰ প্ৰণাম ।
আজি ইতিহাসবিদ তথা অৰ্থনীতিবিদ ডঃ অমলেন্দু গুহৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি তথা সমাজতত্ত্ববিদো আছিল । তেওঁৰ ইতিহাস গৱেষণাৰ ক্ষেত্ৰ আছিল অসম । তেওঁৰ ইতিহাস চৰ্চাই মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈকে সামৰি লৈছিল । অসমীয়া ভাষাত তেওঁ কেইবাখনো ইতিহাস বিষয়ক গ্ৰন্থ লিখিছিল । তদুপৰি তেওঁ বাংলা আৰু অসমীয়া ভাষাত একোখনকৈ কবিতাপুথিও লিখিছিল । অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপক ডঃ গুহক অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰিছিল । লেখিকা অনিমা গুহ তেওঁৰ পত্নী । ২০১৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ মৃত্যু হয় । এইগৰাকী ইতিহাসবিদলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ইংৰাজ কবি তথা নাট্যকাৰ ৰবাৰ্ট ব্ৰাউনিঙৰ ওপজা দিন । ১৮১২ চনৰ আজিৰ দিনটোতে লণ্ডনৰ কাম্বাৰৱেলত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল ভিক্টোৰিয়া যুগৰ প্ৰসিদ্ধ কবি তথা নাট্যকাৰ । দ্য পীড পাইপাৰ অব হেমেলিন, মেন এণ্ড উইমেন, দ্য ৰিং এণ্ড দ্য বুকছ, ড্ৰামাটিক ৰোমাঞ্চ এণ্ড লিৰিকছ আদি তেওঁৰ বিখ্যাত কৃতি । তেওঁৰ কবিতা বিদ্ৰূপ, হাস্যৰস, ঐতিহাসিক ঘটনাৰ বৰ্ণনা আদিৰ বাবে জনপ্ৰিয় আছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।