আজি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক হেনৰী ডুনাণ্টৰ ওপজা দিন । ১৮২৮ চনৰ আজিৰ দিনটোতে ছুইজাৰলেণ্ডৰ জেনেভাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী ছুইছ মানৱতাবাদী, ব্যৱসায়ী তথা সমাজকৰ্মী । ৰেডক্ৰছৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত অন্যতম আছিল তেওঁ । ডুনাণ্ট আছিল শান্তিৰ ন’বেল বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি । আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতি গঠন আৰু জেনেভা সমাৱৰ্তন আয়োজন কৰা বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল ।
তেওঁৰ লগতে একেলগে পীচ লীগৰ প্ৰতিষ্ঠাপক তথা সমাজকৰ্মৰ ক্ষেত্ৰত ডুনাণ্টৰ সহযোগী ফ্ৰেডেৰিক পেছিকো এই বঁটা প্ৰদান কৰা হৈছিল । ৰেডক্ৰছ প্ৰতিষ্ঠাৰে অগণিত আৰ্তজনৰ সেৱাৰ বাট মুকলি কৰা এইগৰাকী মহানুভৱ ব্যক্তিলৈ আমাৰ প্ৰণাম ।