VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
May 8, 2022
in অভিমত
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰৰ সম্বন্ধ অতি প্ৰাচীন কালৰে পৰা বিদ্যমান। মানুহৰ জীৱনত সকলো গ্ৰহৰ শুভ-অশুভৰ প্ৰভাৱ অছে। ই চিৰ’সত্য। ঘৰৰ আকৰ্ষণ শক্তিৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয় , নিৰ্জীৱ বস্তুৰ ওপৰতো পৰে। সেইবাবে ঘৰখন বনোৱাৰ আগতে আমি বাস্তু শাস্ত্ৰৰ জ্ঞান লোৱাৰ অতি প্ৰয়োজন।
ঘৰখনৰ স্থিতি অনুকুল বা প্ৰতিকুল হ’লে মানুহে সুখ বা দুখ ভোগ কৰে। বাস্তু অনুসৰি ৮ টা দিশ আছে আৰু প্ৰত্যেক দিশ এক নিশ্চিত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। গতিকে এই গ্ৰহৰ দ্বাৰা ঘৰৰ গৰাকী তথা তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰভাৱ পৰে। দিশ কেইটিৰ পৰা ঘৰখনত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক-

১) সূৰ্য ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ যদি পূৱ দিশত হয় তেনেহলে এই ভৱনত সূৰ্যৰ আধিপত্য থাকে। তেজস্বিতা সূৰ্যৰ স্বভাৱ। সেইবাবে পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ঘৰৰ মুখ্য দুৱাৰ পূৱ ফালে হ’লে সেই ঘৰৰ সকলো লোক শ্ৰেষ্ঠ ব্যক্তিত্বৰ আৰু সমৃদ্ধিশালী হয়।

২) চন্দ্ৰ ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি বায়ব্য দিশত হয় , তেনেহ’লে এনে ঘৰত চন্দ্ৰৰ আধিপত্য থাকে। পৰিয়ালৰ মুখ্য ব্যক্তি গৰাকীৰ স্বভাৱ অতি চঞ্চল , অস্থিৰ আৰু আবেগত বৈ যোৱা ধৰণৰ হয়। ঘূৰি-ফুৰি তেওঁলোকে সুখ অনুভৱ কৰে।

৩) মঙ্গল ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি দক্ষিণৰ দিশত হয় , তেনেহ’লে সেই ঘৰৰ স্বামী মঙ্গল হয়। মঙ্গলৰ প্ৰভাৱৰ কাৰণে তেনে ঘৰৰ মুখ্য ব্যক্তি গৰাকী সাহসী আৰু চঞ্চল হয়।

৪) বুধ ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি উত্তৰ দিশত থাকে , তেনেহ’লে সেই ঘৰত বুধৰ আধিপত্য থাকে। বুধে নিজৰ প্ৰভাৱৰ দ্বাৰা গৃহস্বামীৰ ব্যক্তিত্বত বুদ্ধি-চাতুৰ্য তথা বিনোদৰ সমাৱেশ ঘটায়। এওঁলোকৰ কাৰ্যক্ষেত্ৰ লেখন বা সাহিত্য হয়। এনে ঘৰৰ ব্যক্তিয়ে নিয়মানুৱৰ্তিতা আৰু অনুশাসন ভালদৰে পালন কৰে।

৫) বৃহস্পতি ঃ ঘৰৰ প্ৰৱেশ দুৱাৰ ঈশান দিশত হ’লে সেই ঘৰত বৃহস্পতিৰ আধিপত্য থাকে। এনে ঘৰৰ মুখ্য ব্যক্তিজন দয়ালু , ধাৰ্মিক তথা বিচাৰশীল প্ৰকৃতিৰ হয়। আৱশ্যক হ’লে সাহসী হোৱাও দেখা যায়। এওঁলোকৰ ৰুচি , অধ্যয়ন – অধ্যাপনা – ভাষা বা শিক্ষাৰ আন ক্ষেত্ৰত থকা দেখা যায়।

৬) শুক্ৰ ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ আগ্নেয় দিশত হ’লে , সেই ঘৰত শুক্ৰৰ আধিপত্য থাকে। এনেকুৱা ঘৰৰ মুখ্য ব্যক্তিজন বিলাসী হয়। এওঁলোকৰ কথা-বতৰা চিনেমা , নাটক , সঙ্গীত , অভিনয় আদিত যুক্ত হৈ থাকে। ৰসিক প্ৰকৃতিৰ হোৱা বাবে এওঁলোকৰ পোছাক ৰংচঙীয়া হৈ থাকে।

৭) শনি ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুল দুৱাৰ পশ্চিম দিশত থাকিলে , সেই ঘৰত শনিৰ আধিপত্য থাকে। শনিৰ স্বভাৱৰ ফল স্বৰূপে ঘৰৰ মুখ্য ব্যক্তিজনৰ গম্ভীৰতা তথা বিচাৰশীলতা গুণৰ সমাবেশ ঘটে। এনে ঘৰৰ ব্যক্তিয়ে যিকোনো কাৰ্যত হাত দিয়াৰ আগতে গভীৰ চিন্তা কৰি আগবাঢ়ে।

৮) ৰাহু ঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ নৈৠত দিশত হ’লে সেই ঘৰৰ অধিপতি ৰাহু হয়। এনে ঘৰৰ লোক তামসিক অৰ্থাৎ অহংকাৰী তথা ধূৰ্ত হয়। এওঁলোক খঙাল প্ৰকৃতিৰ হোৱা দেখা যায়।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

এণ্টি অক্সিডেণ্টে মহিলাৰ গৰ্ভাশয়ত টেমুনা সৃষ্টি হোৱাত বাধা দিয়াৰ বাবে গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। কিন্তু কেনেকৈ? জানো আহক

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
গাভৰু বিহু বা জেং বিহু
অভিমত

গাভৰু বিহু বা জেং বিহু

May 5, 2022
Next Post
আমি গৰ্ভ ভাড়ালৈ দিব পাৰিমনে?

এণ্টি অক্সিডেণ্টে মহিলাৰ গৰ্ভাশয়ত টেমুনা সৃষ্টি হোৱাত বাধা দিয়াৰ বাবে গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। কিন্তু কেনেকৈ? জানো আহক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7