আজি পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ওপজা দিন । ১০৪৮ চনৰ আজিৰ দিনটোতে ইৰাণৰ নিশ্বাপুৰ, খোৰাছনত তেওঁৰ জন্ম হয় । তেওঁৰ সম্পূৰ্ণ নামটো আছিল আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল আইয়াম গিয়াছুদ্দিন । তেওঁ আছিল এগৰাকী কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ । তেওঁ খোৰাছন আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত দৰ্শন শাস্ত্ৰৰ অধ্যাপনা কৰিছিল । পিছলৈ তেওঁ গণিত শাস্ত্ৰৰ গৱেষণাত মন দিয়ে । তেওঁ আছিল পাৰস্যৰ চুলতান আলাউদ্দিন মালিকৰ ৰাজসভাৰ জ্যোতিৰ্বিদ । চুলতানৰ নিৰ্দেশমৰ্মে তেওঁ আন সাতজন সহযোগীৰ সৈতে ১০৭৪-৭৫ চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ সাধন কৰে । তেওঁৰ জীৱনৰ বিশেষ কীৰ্তি হ’ল ‘ৰুবায়েৎ’ । তেওঁলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই অনা এই কাব্যগ্ৰন্থখনত পাঁচশৰো অধিক কবিতা সংকলিত হৈছে । পৃথিৱীৰ প্ৰায়ভাগ ভাষালৈ অনূদিত এই কাব্যগ্ৰন্থখন ‘ওমৰতীৰ্থ’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে কবি যতীন্দ্ৰনাথ দুৱৰাই । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ ওপজা দিন । ১৮৭২ চনৰ আজিৰ দিনটোতে ইউনাইটেড কিংডমৰ ট্ৰেলেকত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল । তেওঁ আছিল একাধাৰে দাৰ্শনিক, গণিতজ্ঞ আৰু সাহিত্যিক । তদুপৰি তেওঁ এগৰাকী মানৱাধিকাৰৰ প্ৰবক্তাও আছিল । প্ৰিন্সিপিয়া মেথেমেটিকা, দ্য কুৱেষ্ট অব হেপিনেছ, ৰিলিজিয়ন এণ্ড ছায়েন্স আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ১৯৫০ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।