পেলেছ দুৰ্গ ৰোমানিয়াৰ এক অন্যতম ঐতিহাসিক দূৰ্গ ৷ ইয়াৰ ঐতিহাসিক আৰু কলাত্মক মূল্যৰ বাবে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ই ইউৰোপৰ এক অন্যতম গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন ৰূপে চিহ্নিত হৈছে। ১৮৭৩ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত স্থপতিবিদ জোহানেছ শ্বাল্টজ আৰু কেৰেল লিমানে নিৰ্মাণ কৰিছিল ৰোমানিয়াৰ প্ৰথম ৰাজকীয় দম্পতী ৰজা কেৰল প্ৰথম (১৮৬৬-১৯১৪) আৰু ৰাণী এলিজাবেথৰ গ্ৰীষ্মকালীন বাসগৃহ এই পেলেছ ।
উল্লেখনীয় যে ইয়াৰ ১৭০টা কোঠাৰ ডিজাইনৰ তদাৰক কৰিছিল ৰাণী এলিজাবেথে ৷ ইউৰোপীয় শিল্পৰ উন্নতমানৰ উদাহৰণ, মুৰানো স্ফটিক চেণ্ডেলিয়াৰ, জাৰ্মান ষ্টেইনড গ্লাছৰ খিৰিকী, কৰ্ডোবা চামৰাৰ দেৱাল, মেইচেন আৰু চেভ্ৰেছ চীনামাটি, আবলুছ আৰু হাতীদাঁতৰ ভাস্কৰ্য্যৰে সজোৱা হৈছে এই আকৰ্ষণীয় প্ৰসাদ । ইউৰোপৰ ৰাজপ্ৰসাদসমূহৰ ভিতৰত অন্যতম এই দুৰ্গত প্ৰথম অৱস্থাত বিদ্যুৎ, চেণ্ট্ৰেল হিটিং আৰু লিফ্টো আছিল। এই দুৰ্গৰ মূল প্ৰৱেশদ্বাৰ ‘হল অৱ অনাৰ’ত ভিয়েনাৰ আখৰোটৰ কাঠত খোদিত শিল্পকৰ্মই আজিও আকৰ্ষিত কৰে সমগ্ৰ বিশ্বৰ পৰ্য্যটকক ৷ ইয়াৰ সৰ্পিল চিৰি আৰু বেলকনিবোৰ আৰু স্লাইডিং গ্লাছৰ চালেৰে পাৰ হৈ অহা পোহৰ সকলোবোৰেই যেন আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
ইফালে এই দুৰ্গৰ আৰ্মৰী হলত আছিল জাপান, পাৰস্য, ভাৰত আৰু তুৰস্কৰ ১৫ শতিকাৰ ৩৫০০ অস্ত্ৰ সামগ্ৰী। লগতে ইয়াৰ আকৰ্ষণীয় পুথিভঁৰালটোত আছিল এলিজাবেথে কাৰ্মেন চিলভা নামেৰে লিখা ৪০খন কিতাপ।
গুৰুত্বপূৰ্ণ কথা হ’ল যে এই পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি হ’ল কংক্ৰিটৰ।
জানিব পৰা মতে এই প্ৰসাদ নিৰ্মাণ কৰা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আছিল ৰোমানিয়াৰ শিল্পী। সেইসময়ত এই শ্ৰমিকসকলৰ মজুৰি আছিল প্ৰতিদিনে ৫ৰ পৰা ৭ ফ্ৰাংক ৷ শ্ৰমিকৰ মজুৰি আছিল ৩ ফ্ৰাংক, আনহাতে শিলৰ কাম কৰা লোকসকলক কামৰ প্ৰকাৰ আৰু পৰিমাণ অনুসৰি পাৰিশ্ৰমিক দিয়া হৈছিল ৷
ছমাহ দিনে-নিশাই কাম কৰি ১৪০ গৰাকী শিল্পীয়ে এই দুৰ্গৰ প্ৰৱেশদ্বাৰ ‘হল অৱ অনাৰ’ৰ পেনেলিঙত খোদিত কৰা ২০০০টা আখৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় । ১৯১১ চনত এই হল অৱ অনাৰৰ নিৰ্মাণ, সজ্জা আৰু আচবাবৰ মূল্য আছিল ১০ লাখ ৰ’ণ সোণ ।
১৮৮৩ চনত অৰ্থাৎ উদ্বোধনী বছৰটোতে মাইঞ্জৰ থিয়ৰগাৰ্টনাৰ কোম্পানীয়ে এই দুৰ্গটো হাইড্ৰেণ্টেৰে সজ্জিত কৰিছিল যি এতিয়াও কাৰ্যক্ষম হৈ আছে।