দক্ষিণ চুডানৰ ৰাষ্ট্ৰপতি ছালভা কিৰে যোৱা সপ্তাহত এক ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত ঘটিছিল এক ঘটনা । ডিচেম্বৰ মাহত দক্ষিণ চুডানত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।প্ৰকৃতাৰ্থত হাস্যকৰ যেন লাগিলেও ই কিন্তু হাস্যকৰ ঘটনা নহয় ৷ এখন দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা সেই ব্যক্তিজনে ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ সময়ত অনুসৰণ কৰিবলগীয়া নিয়মাৱলিক অৱজ্ঞা নকৰি নিজৰ ব্যক্তিগত কথা চিন্তা নকৰাকৈয়ে নিজৰ স্থানতে থিয় হৈ থকাৰ এই ঘটনাক ইতিবাচক দিশেৰে চালে হয়তো তেওঁৰ প্ৰকৃত দেশপ্ৰেম নাইবা কৰ্তব্যপৰায়নতাকেই আঙুলিয়াব ৷
জাতীয় সংগীত পৰিবেশনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে বুকুত হাত ৰাখিছিল।কিন্তু ইফালে তেওঁৰ ছাঁইৰঙী পেণ্টেৰে এডাল ক’লা ৰেখা তললৈ নামি যোৱা দেখা গৈছিল। জাতীয় সংগীত পৰিবেশনৰ সময়ত প্ৰসাৱ ৰখাব পৰা নাছিল ৭১ বছৰীয়া ৰাষ্ট্ৰপতি গৰাকীয়ে ৷
৭১ বছৰীয়া ছালভা কিৰে পথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা সময়ত থিয় হৈ থকা ঠাইতে পেণ্টত প্ৰসাৱ কৰা ভিডিঅ’টো টেলিভিছনত প্ৰচাৰ কৰা হোৱা নাছিল যদিও কিছুদিন পূৰ্বে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল আৰু ইয়াৰ পিছতেই ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল।ইফালে ভিডিঅ’ ভাইৰেল কৰাৰ অপৰাধত আটক কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৬ জন সাংবাদিকক। লগতে ৰাষ্ট্ৰপতিৰ ভুল ভিডিঅ’ বনোৱাৰ অভিযোগো উত্থাপন কৰা হৈছে।
দক্ষিণ চুডান ইউনিয়ন অৱ জাৰ্নেলিষ্টৰ মুৰব্বী পেট্ৰিক অ’ৱেটৰ মতে চৰকাৰী দক্ষিণ চুডান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ হৈ কাম কৰা ছয়জন সাংবাদিকক আটক কৰা হয়। কাৰাগাৰত বন্দী সাংবাদিকসকলৰ ভিতৰত আছে চেৰবেক ৰুবেন, জোভাল টুম্ব (কণ্ট্ৰ’ল ৰুম), জোচেফ অলিভাৰ, মুস্তাফা ওছমান (কেমেৰা অপাৰেটৰ), ভিক্টৰ লাডো (ভিডিঅ’ সম্পাদক) আৰু জেকব বেঞ্জামিন। তাৎপৰ্যপূৰ্ণভাৱে ২০১১ চনত স্বাধীনতাৰ পিছৰে পৰা কিৰে দক্ষিণ চুডানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অৱশ্যে ছ’চিয়েল মিডিয়াত কেইবাবাৰো কিৰ অসুস্থ বুলি তথ্য পোহৰলৈ আহিছে যদিও চৰকাৰী প্ৰতিনিধিয়ে তেওঁৰ অসুস্থতাৰ কথা অস্বীকাৰ কৰিছে।
South Sudan has arrested 6 journalist for filming President Selva Kiir urinating on himself. South Sudan journalists have spine at least. pic.twitter.com/J4QJSRRUfm
— Ashok Swain (@ashoswai) January 8, 2023