এই পৃথিৱীত আমি মানুহবোৰে মানুহকেই জীৱশ্ৰেষ্ঠ হিচাপে বিবেচিত কৰিছোঁ কাৰণ মানুহে নিজৰ মগজু নিয়ন্ত্ৰণ কৰাৰ লগতে কথা ক’ব পাৰে বা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ৷ কিন্তু একে সময়তে জীৱ শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা এই মানুহৰ বিপৰীতে এইখন পৃথিৱীতে আছে এনে কিছুমান মানুহ যাৰ বাহিৰৰ জগতৰ লগত নাই কোনো ধৰণৰ সম্পৰ্ক ৷
আন্দামানৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা ‘চেণ্টিনেল জনগোষ্ঠী’ হৈছে নেগ্ৰিটো সম্প্ৰদায়ৰ লোক। যি মানুহ হৈও আজিও বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱাকৈ সম্পূৰ্ণ বিচ্ছিন্ন হৈয়ে আছে।পৃথিবীত বিভিন্ন দেশত বিভিন্ন জনজাতিৰ লোকে বসবাস কৰে। ইয়াৰে কোনো এটা জনজাতি হয়তো ক্ৰমান্বয়ে আধুনিক হৈ উঠিছে , আনহাতে কিছুমান হয়তো এতিয়াও নিজৰ পুৰণি পৰম্পৰা অনুসৰি জীয়াই আছে। অৱশ্যে এতিয়া প্ৰতিটো জনগোষ্ঠীৰ বিষয়ে বেছিভাগ কথাই মানুহে জানে।
কিন্তু আচৰিত কথা যে আমাৰ দেশ ভাৰতত এতিয়াও এনেকুৱা এটা জনজাতি আছে যিটোৰ বিষয়ে আজিও সমগ্ৰ বিশ্বই সঠিকভাৱে জানিব পৰা নাই। তেওঁলোকৰ বিষয়ে সকলোৱে কেৱল কাহিনীহে শুনিছে, যিবোৰ কাহিনীয়ে হয়তো মানুহৰ আত্মা কঁপাই তুলিব পাৰে । ভাৰতৰ এটা ৰহস্যময় জনগোষ্ঠী চেণ্টিনেল দ্বীপত বাস কৰা এই চেণ্টিনেল জনগোষ্ঠী ৷ এই জনগোষ্ঠীটো আন্দামানৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰে।
কিন্তু ১৯৯১ চনত যেতিয়া ভাৰত চৰকাৰে এই লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া এই জনজাতীয় সমাজে ভাৰতীয় নৃতত্ত্ববিদ আৰু প্ৰশাসকৰ এটা দলৰ পৰা কিছু তামোল লৈছিল। কিন্তু এই তামোলবোৰো দূৰৰ পৰাহে লৈছিল এই জনগোষ্ঠীৰ লোকসকলে । চেণ্টিনেলিজ মানুহৰ লগত যোগাযোগৰ অসুবিধাৰ বাবে তেওঁলোকৰ লোকপিয়ল দূৰৰ পৰা তেওঁলোকৰ ফটোৰ জৰিয়তে কৰা হয়। নৰ্থ চেণ্টিনেল দ্বীপত বাস কৰা এই জনগোষ্ঠীৰ জনসংখ্যা ৫০ৰ পৰা ১০০জনৰ ভিতৰত বুলি অনুমান কৰা হৈছে ।
নৰ্থ চেণ্টিনেল দ্বীপৰ এক সমীক্ষা অনুসৰি এই জনগোষ্ঠীৰ লোকসকলে কৃষি কৰাৰ কোনো প্ৰমাণ পোৱা নাযায়। আনহাতে এতিয়ালৈকে হোৱা গৱেষণা সমূহৰ পৰা এই কথা জানিব পৰা গৈছে যে এই সম্প্ৰদায়ৰ লোকসকলে দলবদ্ধভাৱে চিকাৰ কৰে, মাছ ধৰি খাই আৰু দ্বীপত থকা বনৰীয়া গছৰ পুলি গোটাই ক্ষুধা নিবাৰণ কৰে । উল্লেখযোগ্য যে এই চেণ্টিনেলিজ জনগোষ্ঠীক ভাৰত চৰকাৰে বিশেষভাৱে দুৰ্বল জনজাতি গোট হিচাপে তালিকাভুক্ত কৰিছে।
আনহাতে এই চেণ্টিনেলিজ জনগোষ্ঠীটোক আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ গ্ৰেট আন্দামানী, অং, জাৰাৱা আৰু শ্বোম্পেন পিভিটিজি হিচাপে তালিকাভুক্ত আন চাৰিটা জনগোষ্ঠীৰ সমান মৰ্যাদা দিয়া হৈছে। আচলতে এই সকলো জনজাতিকে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ জনগোষ্ঠীয় জনজাতি সুৰক্ষা নিয়ন্ত্ৰণ, ১৯৫৬ (Protection of Tribal Tribes Regulation, 1956 ) ৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছে। এই আইনখনে জনজাতিসকলে দখল কৰা পৰম্পৰাগত অঞ্চলসমূহক সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰে আৰু বিষয়াসকলৰ বাহিৰে আন কাৰোবাৰ প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ লগতে এই জনজাতীয় লোকসকলৰ ফটো তোলা বা তেওঁলোকৰ ওপৰত যিকোনো ধৰণৰ চিত্ৰগ্ৰহণৰ কাম কৰাটোও এক অপৰাধ।
শেহতীয়াকৈ এজন খ্ৰীষ্টান মিছনেৰী এই লোকসকলক বাইবেলৰ পাঠ শিকাবলৈ গৈছিল আৰু তেওঁলোকক খ্ৰীষ্টান ধৰ্মৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই চেণ্টিনেলিজ লোকসকলে তেওঁক কাঁড়েৰে গুলীয়াই হত্যা কৰিছিল। এইসকল লোকে ইয়াৰ পূৰ্বেও বহুবাৰ তেওঁলোকৰ চোকা কাঁড় আৰু বৰশীৰে বাহিৰৰ লোকক আক্ৰমণ কৰিছে।