পিতৃ এজন নিপুণ বলীউডৰ অভিনেতা। অৱশ্যে সেই ৰাস্তাটোত তেওঁৰ সন্তানে খোজ কাঢ়িব নোৱাৰিলে। জনপ্ৰিয় অভিনেতা মাধৱনৰ পুত্ৰ বেদান্ত মাধৱনে অভিনয় জগতত নহয় ক্ৰীড়া জগতত নিজকে প্ৰতিষ্ঠা কৰিছে। ১৭ বছৰ বয়সত তেওঁ এজন নিপুণ সাঁতোৰবিদ। ইফালে বেদান্তই কেইবাটাও বঁটা লাভ কৰিছে। এইবাৰ বেদান্তই মালয়েছিয়া গৈ দেশৰ নাম উজ্জ্বল কৰি তুলিলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচটা সোণৰ পদক লাভ কৰে। আৰু পুত্ৰৰ সফলতাক লৈ গৌৰৱান্বিত আৰু উৎফুল্লিত মাধৱন। বলীউডৰ অভিনেতাগৰাকীয়ে এই বঁটাৰ সৈতে পুত্ৰৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
বেদান্তই ৫০ মিটাৰ, ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ১৫০০ মিটাৰ সাঁতোৰ প্ৰতিযোগিতাত ৫টা স্বৰ্ণ পদক লাভ কৰে। এই বঁটা আৰু দেশৰ পতাকা সহ বেদান্তৰ ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰে ‘থ্ৰী ইডিয়টছ’ ছবিখনৰ ফাৰহান কুৰেশ্বী খ্যাত মাধৱনে। মাধৱনেও পুত্ৰৰ সফলতাৰ বাবে ভগৱান আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জনায়। মাধৱনৰ পুত্ৰৰ সফলতাক লৈ আনন্দিত হৈ পৰিছে তাৰকামহল। লাৰা দত্ত, সূৰিয়াৰ দৰে তাৰকাই বেদান্তক অভিনন্দন জনায়।
বেদান্তই ফেব্ৰুৱাৰী মাহত খেলো ইণ্ডিয়া ইউথ গেমছ ২০২৩ত টিম মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল। সেই প্ৰতিযোগিতাত বেদান্তই ৫টা স্বৰ্ণ পদক আৰু ২টা ৰূপৰ পদক লাভ কৰে।মহাৰাষ্ট্ৰই দল হিচাপে ২ টা ট্ৰফী লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ল’ৰা দলে সাঁতোৰত পদক লাভ কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰদৰ্শন কৰা প্ৰদৰ্শনৰ বাবে দল মহাৰাষ্ট্ৰই আন এক চেম্পিয়নশ্বিপ ট্ৰফী লাভ কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে মুঠ ১৬১টা পদক লাভ কৰে। সেই সময়ত মাধৱনে ইনষ্টাগ্ৰামত পুত্ৰ বেদান্ত আৰু আনথী ফাৰ্নাণ্ডেজ নামৰ আন এগৰাকী খেলুৱৈক অভিনন্দন জনাই এখন ছবি পোষ্ট কৰিছিল।