ফিফাই মহিলা বিশ্বকাপৰ পুৰস্কাৰ ধন ৩০০ শতাংশ বৃদ্ধি কৰিছে। ৩২টা দলৰ প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰৰ ধন ১৫ কোটি ডলাৰলৈ বৃদ্ধি কৰা হৈছে। ভাৰতীয় মুদ্ৰাত মুঠ পুৰস্কাৰ ধন প্ৰায় ১২৩৭ কোটি ৭৩ লাখ টকা। ফিফা গভৰ্নিং কাউন্সিলৰ বৈঠকত মহিলা বিশ্বকাপৰ মুঠ পুৰস্কাৰ ধন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।
১৯৯১ চনৰ পৰা আৰম্ভ হৈছিল মহিলা বিশ্বকাপ। প্ৰথমবাৰৰ বাবে ১২খন দেশে অংশগ্ৰহণ কৰে। ১৯৯৯ চনত দলৰ সংখ্যা ১৬ লৈ বৃদ্ধি পায়। ২০১৫ চনত ফিফাই দলৰ সংখ্যা ২৪টালৈ বৃদ্ধি কৰে। ২০২৩ চনত ৩২খন দেশে মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিব। এইবাৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে যৌথভাৱে আয়োজন কৰিব বিশ্বকাপ। এই বিশ্বকাপৰ পৰা পুৰস্কাৰৰ ধন বৃদ্ধি পাব ৷
ফিফাৰ গভৰ্নিং কাউন্সিলৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয় –“ মহিলাসকল অধিক প্ৰাপ্যৰ যোগ্য । আমি তেওঁলোকৰ লগত আছো। এই যুঁজখনত আমি তেওঁলোকৰ কাষত থিয় দিম।” ফিফাৰ সভাপতিগৰাকীয়ে ২০২৬ চনৰ পুৰুষৰ বিশ্বকাপৰ দৰে একেটা পুৰস্কাৰৰ ধন ২০২৭ চনত মহিলা বিশ্বকাপতো দিয়াৰ আশ্বাস দিয়ে। মন কৰিবলগীয়া যে কাটাৰ বিশ্বকাপত মুঠ পুৰস্কাৰ ধন আছিল ৪৪ কোটি ডলাৰ বা প্ৰায় ৩৬৩৫ কোটি টকা।
বিশ্বৰ বিভিন্ন দেশৰ মহিলা ফুটবলাৰসকলে পুৰুষৰ সমান পাৰিশ্ৰমিকৰ দাবী জনায় আহিছে ৷ আমেৰিকা, কানাডা, ফ্ৰান্স, স্পেইনৰ মহিলা ফুটবলাৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান দৰমহাৰ দাবী পূৰণ নকৰিলে দেশৰ হৈ খেলিব নোৱাৰিব বুলি হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰসকলে। এই পৰিস্থিতিত ফিফাৰ এই সিদ্ধান্তক ইতিবাচক হিচাপে গণ্য কৰা হৈছে ৷