ছৌদি আৰৱৰ ক্লাব আল নাছেৰত যোগদান কৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে। এইবাৰ তেওঁ লিয়নেল মেছিৰ সৈতে মুখামুখি হ’ব। বৃহস্পতিবাৰে মেছিৰ দল পেৰিছ চেণ্ট জাৰ্মেইন (পিএছজি)ৰ বিৰুদ্ধে আল নাছেৰ আৰু আল হিলালে একত্ৰিত হৈ খেলিব ৷। সেই দলৰ বিৰুদ্ধে খেলিবলৈ পি এছ জিয়ে বিপুল পৰিমাণৰ ধন লাভ কৰিব।
ৰোনাল্ডোৰ সংযুক্ত একাদশৰ বিৰুদ্ধে খেলিবলৈ পি এছ জিয়ে লাভ কৰিব ৮৮.৫৪ লাখ ৬০ হাজাৰ টকা। অৰ্থাৎ এই মেচখনৰ প্ৰতি ছেকেণ্ডত মূল্য হৈছে ১ লাখ ৬৩ হাজাৰ ৯৭৪ টকা। ফ্ৰান্সৰ এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই বৃহৎ পৰিমাণৰ ধন পি এছ জিক দিয়া হ’ব। যাৰ ফলত ক্লাবৰ আয় বহু পৰিমাণে বৃদ্ধি পাব। যোৱা বছৰ ক্লাবটোৰ লোকচান হৈছিল ৩২৭৫ কোটি ৯৪ লাখ ৩০ হাজাৰ টকা। এইবাৰো লোকচানৰ আশংকা আছে। গতিকে এই বৃহৎ আয়ৰ দ্বাৰা পি এছ জিয়ে কিছু সকাহ লাভ কৰিব ৷
ৰিয়াদৰ কিং ফাহদ ষ্টেডিয়ামত মুখামুখি হ’ব মেছি আৰু ৰোনাল্ডো। ৰোনাল্ডোক আল নাছৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে তেওঁ কম্বাইণ্ড একাদশৰ অধিনায়কত্বও কৰিব। ৰোনাল্ডোৱে এতিয়াও আল নাছৰৰ হৈ খেলত ভাগ লোৱা নাই। দেওবাৰে আল নাছেৰৰ হৈ অভিষেক ঘটাব পাৰে ৰোনাল্ডো। মানচেষ্টাৰ ইউনাইটেডত থকা সময়ছোৱাত ৰোনাল্ডোক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। আল নাছেৰলৈ আহি প্ৰথম দুখন মেচ তেওঁ খেলিব নোৱাৰিলে।
বিশ্বকাপ জয় কৰাৰ পিছত মেছিয়ে পি এছ জিত যোগদান কৰে। পেৰিছ ক্লাবৰ হৈও তেওঁ মেচ খেলিছিল। মেছিৰ বিশ্বকাপ জয়ৰ সপোনও পূৰণ হৈছে। তেওঁ নিজেই কৈছিল যে এয়া তেওঁৰ শেষ বিশ্বকাপ। যদিও তেওঁ আৰ্জেণ্টিনাৰ হৈ আৰু কিছু মেচ খেলিব বিচাৰে। বিশ্বকাপত মেছিয়ে ৭টা গ’ল দিয়ে। ইয়াৰ পিছত মেছিয়ে ছুটীৰ বাবে আৰ্জেণ্টিনালৈ উভতি আহে। ক্লাবৰ পৰা দুসপ্তাহৰ বাবে ছুটী লৈছিল। মেছিয়ে দলটোত পুনৰ দুখন মেচ খেলিছিল। এইবাৰ আকৌ এবাৰ মেছি বনাম ৰোনাল্ডোৰ যুঁজখন চাবলৈ সকলো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷