ভাৰতৰ মাটিত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’বলৈ বাকী আছে ৫৯ দিন। ইয়াৰ মাজতে বিশ্বকাপৰ ট্ৰফী দেখা গ’ল ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ হাতত। ট্ৰফী হাতত লৈ হাঁহিমুখীয়া মুখেৰে ফটোৰ বাবে প’জ দিলে ৰোহিতে। তেওঁৰ ছবিখন দেখি ভাৰতীয় অনুৰাগীসকলে মন্তব্য কৰিছে যে এই ছবিখন ১৯ নৱেম্বৰতো দেখা পাব লাগিব।
প্ৰকৃতার্থত বিশ্বকাপৰ প্ৰমোচনৰ বাবেই ট্ৰফী হাতত লৈ এখন ফটো তুলিছিল ৰোহিতে। কিন্তু কি প্ৰচাৰৰ বাবে এনেদৰে তেওঁ প’জ দিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। হয়তো প্ৰতিযোগিতাৰ আন অধিনায়কসকলকো ট্ৰফী হাতত লৈ দেখা যাব।
২০১৩ চনৰ পিছত কোনো ভাৰতীয় অধিনায়কে আইচিচিৰ ট্ৰফী তুলি লোৱা নাই। প্ৰতিখন প্ৰতিযোগিতাতে দলটোৱে বিফল হ’ব লগা হৈছিল। বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি ৰোহিতলৈকে একেখন ছবিয়েই বাৰে বাৰে দেখা গৈছে। এইবাৰ দেশৰ মাটিত সেই ছবিখন সলনি কৰিব বিচাৰিছে ৰোহিতে। ঘৰুৱা মাটিত শেষবাৰৰ বাবে ভাৰতে বিশ্বকাপ জয় কৰিছিল ২০১১ চনত। ভাৰতীয় ক্ৰিকেটাৰে সেই অধ্যায় আকৌ এবাৰ দেখুৱাব পাৰিবনে ?
প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ৬৪ দিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ বা আইচিচিয়ে এই পোষ্টাৰখন প্ৰকাশ কৰিছে। ৱান ডে বিশ্বকাপ ট্ৰফী থকা পোষ্টাৰত অংশগ্ৰহণকাৰী দলসমূহৰ সম্ভাৱ্য অধিনায়কসকলক দেখুওৱা হৈছে। পোষ্টাৰখনত ৰোহিতক ভাৰতীয় দলৰ অধিনায়ক হিচাপে দেখুওৱা হৈছে। পাকিস্তানৰ অধিনায়ক বাবৰ আজম। বিশ্বকাপৰ ট্ৰফীৰ দুয়োফালে আছে অষ্ট্ৰেলিয়াৰ পেট কামিন্স আৰু ইংলেণ্ডৰ জোছ বাটলাৰ। অষ্ট্ৰেলিয়াই সৰ্বাধিক ৫ বাৰ বিশ্বকাপ জয় কৰিছে। আৰু ইংলেণ্ড শেষ চেম্পিয়ন। হয়তো সেইবাবেই কামিন্স আৰু বাটলাৰৰ ট্ৰফীৰ দুয়োফালে ঠাই আছে। কামিন্সৰ কাষত ৰোহিত আৰু বাটলাৰৰ কাষত বাবৰ। টেম্বা বাভুমা দক্ষিণ আফ্ৰিকাৰ অধিনায়ক। বাংলাদেশৰ সম্ভাৱ্য অধিনায়ক হিচাপে আই চি চিৰ পোষ্টাৰত স্থান লাভ কৰিছে তামিম ইকবালে। অৱশ্যে তাৰ পিছতে বাংলাদেশৰ এদিনীয়া দলৰ নেতৃত্ব ত্যাগ কৰে। আইচিচিৰ পোষ্টাৰত দেখা গৈছে আফগানিস্তানৰ হাছমাতুল্লাহ শ্বাহিদী, শ্ৰীলংকাৰ দছুন ছানাকা, নিউজিলেণ্ডৰ টম লেথাম, জিম্বাবুৱেৰ ক্ৰেগ ইভান্স।
৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল। এই দুয়োখন খেল আহমেদাবাদত অনুষ্ঠিত হ’ব। প্ৰথমখন মেচত শেষৰ ইংলেণ্ড আৰু নিউজিলেণ্ড মুখামুখি হ’ব। আহমেদাবাদতো ভাৰত-পাকিস্তানৰ খেল অনুষ্ঠিত হোৱাৰ কথা। ১৫ অক্টোবৰৰ মেচৰ তাৰিখ সলনি হোৱাৰ সম্ভাৱনা আছে। আইচিচিৰ বিশ্বকাপৰ সূচীক লৈ আপত্তি কৰিছে তিনিখন দেশৰ ক্ৰিকেট ব’ৰ্ডে। গতিকে কিছুমান মেচৰ দিন সলনি হোৱাৰ সম্ভাৱনা আছে।