টেষ্ট ক্ৰিকেটত ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনে এক নতুন নজিৰ গঢ়ি তুলিছে। ভাৰতৰ স্পিনাৰ যুটিয়ে প’ৰ্ট অফ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত মাইলৰ খুঁটি স্পর্শ কৰে।
টেষ্ট ক্ৰিকেটত স্পিনাৰ যুটি হিচাপে ৫০০ উইকেট দখল কৰাৰ নজিৰ গঢ়িলে জাদেজা আৰু অশ্বিনে। দেওবাৰে এই মাইলৰ খুঁটিত উপনীত হোৱা ভাৰতৰ দ্বিতীয় স্পিনাৰ যুটি হিচাপে তেওঁলোক পৰিগণিত হৈছে । ভাৰতৰ প্ৰথম স্পিনাৰ যুটি হিচাপে অনিল কুম্বলে আৰু হৰভজন সিঙে এই নজিৰ গঢ়ি তুলিছিল। ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনৰ অন্তিম ছেছনত অশ্বিনে দুটা উইকেট দখল কৰে। এই দুটা উইকেটৰ জৰিয়তে জাডেজাৰ সৈতে তেওঁৰ অংশীদাৰিত্বই ৫০০ উইকেট সম্পূৰ্ণ কৰে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট জাডেজা আৰু অশ্বিনৰ ৪৯ সংখ্যক টেষ্ট মেচ। অৰ্থাৎ তেওঁলোকে ৪৯খন টেষ্ট খেলি এই মাইলৰ খুঁটিত উপনীত হ’ল। ৫০০ উইকেটৰ ভিতৰত ২৭৪টা উইকেট দখল কৰিছে অশ্বিনে। জাডেজাৰ উইকেটৰ সংখ্যা ২২৬ টা।
মুঠ উইকেটৰ ক্ষেত্ৰত কুম্বলে-হৰভজন যুটিক অতিক্ৰম কৰিবলৈ জাডেজা-অশ্বিন যুটিটোক আৰু দুটা উইকেটৰ প্ৰয়োজন। ৫৪খন টেষ্টত একেলগে খেলি কুম্বলে আৰু হৰভজনে ৫০১টা উইকেট দখল কৰে। ইয়াৰ ভিতৰত কুম্বলেৰ উইকেটৰ সংখ্যা ২৮১, হৰভজনৰ ২২০টা। ভাৰতীয় স্পিন যুটীৰ ভিতৰত এই তালিকাত তৃতীয় স্থানত আছে বিষাণ সিং বেদী আৰু ভাগৱত চন্দ্ৰশেখৰ। একেলগে ৪২ খন টেষ্ট খেলি ৩৬৮ টা উইকেট দখল কৰিছিল ৷
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত আৰু দুটা উইকেট লাভ কৰিলে ভাৰতীয় ক্ৰিকেটত নতুন নজিৰ গঢ়ি তুলিব জাডেজা-অশ্বিন যুটিয়ে। কুম্বলে-হৰভজন যুটিৰ অভিলেখ ভংগ কৰিব। ভাৰতক জয়ী হ’বলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ অন্তিম দিনা ৮টা উইকেটৰ প্ৰয়োজন। ফলত সোমবাৰে জাডেজা-অশ্বিন যুটিয়ে নতুন নজিৰ গঢ়ি তোলাৰ সুযোগ লাভ কৰিব।