ভাৰতৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক যি ২০০৭জনতে সৃষ্টি কৰা এক আচৰিত অভিলেখ বৰ্তমান সময়লৈকে অব্যাহত আছে কাৰণ আজিলৈকে কোনেও তেওঁৰ এই আচৰিত অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷ এণ্টনি ভিক্টৰ নামৰ এইজন শিক্ষকে ২০০৭ চনত বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল কাণৰ চুলি থকাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷
এণ্টনিয়ে ২০০৭ চনত এই স্বীকৃতি লাভ কৰিছিল আৰু আজিও এই অভিলেখ অব্যাহত ৰাখিছে।শিক্ষক গৰাকীৰ এই অভিলেখ সন্দৰ্ভত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে ইনষ্টাগ্ৰামত মিষ্টাৰ ভিক্টৰৰ বিষয়ে এই তথ্য শ্বেয়াৰ কৰিছে ।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ এই পোষ্টটোত প্ৰকাশ পাইছে যে তেওঁক মানুহে “কাণৰ চুলিৰ শিক্ষক” বুলিও চিনি পাইছিল। পোষ্টটোৰ কেপচনত লিখা আছে, “এন্থনীৰ অবিচ্ছেদ্য কাণৰ চুলিৰ অভিলেখ। ভাৰতৰ এন্থনী ভিক্টৰ নামৰ অৱসৰপ্ৰাপ্ত স্কুলৰ প্ৰধান শিক্ষকৰ বাহিৰৰ কাণৰ মাজৰ পৰা চুলি গজি উঠে আৰু ইয়াৰ দৈৰ্ঘ্য ১৮.১ চেণ্টিমিটাৰ (৭.১২ ইঞ্চি) ।” তেওঁ ২০০৭ চনত এই অভিলেখ গঢ়িছিল আৰু আজিও এই অভিলেখ অব্যাহত আছে।আচৰিত যে এণ্টনি ভিক্টৰক তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে “কাণৰ চুলিৰ শিক্ষক” বুলিয়েই চিনি পায় ।