অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ অন্য এক সংযোজন অম্লান বৰগোহাঁই।যি তেলেংগানাত অনুষ্ঠিত হোৱা ৬০ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ ছেম্পিয়নশ্বিপত দুটাকৈ পদক লাভ কৰি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ জিকি ১০০ মিটাৰতো অম্লানে কঢ়িয়াই আনিছে ৰূপৰ পদক।এই সফলতাৰ পিছত এতিয়া অম্লানৰ লক্ষ্য কমনৱেলথ আৰু এছিয়ান গে’মছ।
বৰ্তমান ভুৱনেশ্বৰৰ ৰিলায়েন্স ফাউণ্ডেচনৰ এথলেটিকছ হাই পাৰফৰ্মেন্স কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অম্লানে সদ্য অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত আধিপত্য দেখুৱাব পাৰিব বুলি পূৰ্বৰ পৰাই আত্মবিশ্বাসী আছিল।
দৌৰ সমাপ্ত কৰি অম্লানে কয়,”মই মোৰ প্ৰদৰ্শনক লৈ সুখী যদিও মই জানো যে মই কিছু ভুল কৰিছিলো।ভুল অবিহনে মই আৰু অধিক বেগত দৌৰিব পাৰিম।যোৱা কেইটামাহ মই মোৰ ফিনিছিং স্পীড যথেষ্ট বৃদ্ধি কৰিছো।‘’
ইফালে এইছ পি চিৰ মুখ্য প্ৰশিক্ষক জেমছ হিলাৰৰ মতে ২০০ মিটাৰ ইভেন্টত বৰ্তমান অম্লান দেশৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ দৌৰবিদ। একেদৰে ১০০ মিটাৰত তেওঁ নিজৰ স্পীড বঢ়াই নিলে ২০০ মিটাৰতো খেলুৱৈ জনক সহায় কৰাৰ লগতে ১০০ মিটাৰতো ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিব পাৰিব।
তেনেক্ষেত্ৰত এই ২৩ বছৰীয়া এথলিট গৰাকীয়ে এতিয়া আগন্তুক কমনৱেলথ আৰু এছিয়ান গে’মছৰ বাবে নিজক সাজু কৰি তোলাৰ লক্ষ্য লৈছে।যোৰহাট জিলাৰ এই তৰুণ খেলুৱৈ গৰাকী সৰুৰে পৰা ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত আছিল যদিও পিছলৈ এথলেটিকছতহে প্ৰশিক্ষণ গ্ৰহণ কৰে।
ইফালে হিমা দাসৰ পিছতেই অম্লানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি আশা ব্যক্ত কৰিছে অসমৰ জেষ্ঠ এথলেটিকছ প্ৰশিক্ষক নিপন দাসে।