ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পাছত ছৌদি আৰৱৰ বিভিন্ন ক্লাবত যোগদান কৰিছে কেইবাজনো শীৰ্ষ ফুটবলাৰে। এইবাৰ দেশখনৰ ক্লাৱত নিজৰ নাম সন্নিৱিষ্ট কৰিব নেইমাৰ জুনিয়ৰে। যদিও ২০২৫ চনলৈকে পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে তেওঁৰ চুক্তি আছে, ব্ৰাজিলৰ ষ্ট্ৰাইকাৰগৰাকীয়ে এইবাৰ আল হিলালৰ সৈতে যোগদান কৰিব পাৰে।
কিছুদিন পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ উঠি খেলপথাৰলৈ উভতি আহিছিল নেইমাৰ। অৱশ্যে ভাইৰাছৰ সংক্ৰমণৰ বাবে দেওবাৰে পি এছ জিৰ হৈ প্ৰথমখন লিগ ১ মেচ খেলিব নোৱাৰিলে তেওঁ । সংক্ৰমণৰ বাবে দুদিনমান অকলে অনুশীলন কৰে নেইমাৰে ৷ ইফালে, ফ্ৰান্সৰ এখন বাতৰি কাকতে দাবী কৰিছে যে নেইমাৰে ছৌদি প্ৰ’ লীগ ক্লাব আল হিলালৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হ’বলৈ সন্মত হৈছে। ফ্ৰান্সৰ ক্লাবেও তেওঁক মুকলি কৰি দিবলৈ ইচ্ছুক। কাকতখনৰ দাবী অনুসৰি আল হিলালে নেইমাৰক দুবছৰৰ বাবে ১৬ কোটি ইউৰো অৰ্থাৎ প্ৰায় ১৪৫৩ কোটি ২৩ লাখ টকা মাননি দিব। অৱশ্যে পেৰিছ চেণ্ট জাৰ্মেইনে নেইমাৰৰ বাবে কিমান ট্ৰেন্সফাৰ মাচুল ল’ব সেই কথা কাকতখনে প্ৰকাশ কৰা নাই। ছৌদি আৰৱৰ ক্লাব ফুটবলত নেইমাৰৰ অংশগ্ৰহণৰ বিষয়ে আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা হোৱা নাই। আল হিলাল, পি এছ জি অথবা ব্ৰাজিলৰ তাৰকাগৰাকীৰ কোনো কথা নাই।
লিঅ’নেল মেছিয়ে পি এছ জি এৰি যোৱাৰ পিছৰে পৰা নেইমাৰেও ক্লাব এৰিব পাৰে বুলি বাতৰি প্ৰচাৰ হৈছিল। তেওঁ নিজৰ পুৰণি ক্লাব বাৰ্চিলোনালৈ ঘূৰি আহিব বিচাৰিছিল। নেইমাৰে স্পেইনত থকা ক্লাবটোৰ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰে। সূত্ৰ অনুসৰি বাৰ্চিলোনা কৰ্তৃপক্ষই মেছিক ঘূৰাই অনাৰ প্ৰতি যিমান আগ্ৰহী আছিল, নেইমাৰৰ ক্ষেত্ৰতো আগ্ৰহী নাছিল। পিছত আল হিলাল কৰ্তৃপক্ষই তেওঁৰ সৈতে এক বৃহৎ আৰ্থিক প্ৰস্তাৱৰ সৈতে যোগাযোগ কৰে। কেইবাবাৰো আলোচনাৰ অন্তত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। আনুষ্ঠানিকভাৱে অৱশ্যে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই। মন কৰিবলগীয়া যে মেছিক প্ৰথমে অফাৰ দিছিল আল হিলাল কৰ্তৃপক্ষই। তেওঁ সেই কল্াৱৰ হৈ খেলিবলৈ মান্তি নহ’ল।
ফ্ৰান্সৰ বাতৰি কাকতখনে নিশ্চিত কৰিব পৰা নাই যে নেইমাৰ কেতিয়া আল হিলালৰ সৈতে যোগদান কৰিব। ধাৰণা কৰা হৈছে যে ফুটবলাৰ (গ্রীষ্মকালীন ট্ৰেন্সফাৰ উইণ্ডো) চুক্তিবদ্ধ হোৱাৰ পাছত নেইমাৰে ছৌদি আৰৱত ক্লাবটোত যোগদান কৰিব৷ ৬ বছৰ পূৰ্বে নেইমাৰে বাৰ্চিলোনা এৰি পি এছ জিত যোগদান কৰিছিল। সেই বছৰতে মনাকোৰ পৰাও কাইলিয়ান এমবাপেই পিএছজিত যোগদান কৰিছিল।
ৰোনাল্ডো আল নাছেৰত যোগদান কৰাৰ পিছত কৰিম বেনজেমা, ছাদিঅ’ মানে, জৰ্ডান হেণ্ডাৰছনৰ দৰে ফুটবলাৰ বিভিন্ন ছৌদি ক্লাবত যোগদান কৰে। এইবাৰ সেই তালিকাত যোগ হ’বলৈ গৈ আছে নেইমাৰৰ নাম।