ভাৰতত নিৰ্মাণ হ’ব আন এখন নতুন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়াম উত্তৰ প্ৰদেশত নির্মাণ কৰা হ’ব। এইখন হ’ব ৰাজ্যখনত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তৃতীয়খন ক্ৰিকেট ষ্টেডিয়াম। কানপুৰ আৰু লক্ষ্ণৌৰ পাছত এইবাৰ বাৰাণসীত নির্মাণ হ’ব ষ্টেডিয়াম। চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ’ব ষ্টেডিয়াম নিৰ্মাণৰ কাম। সেই কাম আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আৰু উপ-সভাপতি ৰাজীৱ শুক্লাই ষ্টেডিয়ামৰ বাবে ভূমি আৰু স্থান পৰিদৰ্শন কৰে। উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ সৈতে এক বৈঠকত মিলিত হয়। এই ষ্টেডিয়াম বাৰাণসীৰ গঞ্জাৰি নামৰ ঠাইত নির্মাণ কৰা হ’ব। ৩২ একৰ মাটিত নিৰ্মাণ হ’ব নতুন ষ্টেডিয়াম। সেই মাটিৰ মালিকক মুঠ ১২১ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে। বাৰাণসী উন্নয়ন নিগমে ষ্টেডিয়ামৰ আশে-পাশে থকা অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিব। উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম।
২৪ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব মোদীয়ে ৷ ২০১৯ চনত বাৰাণসীৰ পৰা মোদীয়ে নিৰ্বাচনত জয়লাভ কৰিছিল। তাত এইবাৰ নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। গুজৰাটৰ আহমেদাবাদত মোডীৰ নামেৰে এখন ষ্টেডিয়াম আছে। সেই ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ লোকে একেলগে খেল চোৱাৰ সুবিধা আছে । বাৰাণসীৰ নতুন ষ্টেডিয়ামত কিমান মানুহ বহিব বা ষ্টেডিয়াম কিমান ডাঙৰ হ’ব, কি হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ভাৰতত চলিত বৰ্ষত একদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে এই ষ্টেডিয়াম নিৰ্মাণ হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই। বিশ্বকাপৰ পূৰ্বে নতুন ষ্টেডিয়াম নিৰ্মাণ কৰি তাত খেল আয়োজন কৰাৰ পৰিকল্পনা ব’ৰ্ডৰ আছে নে নাই সেয়া জানিব পৰা হোৱা নাই।