যোৱাবাৰ আইপিএলত সর্বাধিক ৰাণ কৰা বেটচমেন এইবাৰ এসপ্তাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব ৷ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব ৰাজস্থানৰ বেটছমেন জোছ বাটলাৰ ৷ অহা এসপ্তাহলৈ আই পি এলত তেওঁ খেলিব নোৱাৰিব। তেওঁৰ আঙুলিৰ আঘাত এতিয়াও সম্পূৰ্ণৰূপে ভাল হোৱা নাই। গতিকে আগন্তুক কেইখনমান মেচত তেওঁ উপলব্ধ নহ’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু ৰাজস্থানে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। যোৱাবাৰ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনগৰাকীক জিৰণি দিয়াটো নিঃসন্দেহে ৰাজস্থানৰ বাবে এক ডাঙৰ আঘাত।
সঞ্জু চেমছনৰ দলটোৱে শনিবাৰে দিল্লীৰ বিৰুদ্ধে খেলিব। সেই মেচত বাটলাৰে যে খেলিব নোৱাৰে সেয়া কাৰ্যতঃ নিশ্চিত। ইয়াৰ পিছত ১২ এপ্ৰিলত চেন্নাই ছুপাৰ কিংছ আৰু ১৬ এপ্ৰিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা খেলৰ বাবে বাটলাৰ উপলব্ধ নহ’ব বুলি ধাৰণা কৰা হৈছে।
বুধবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৰাজস্থান পৰাস্ত হয়। সেই মেচখনত বাটলাৰ আঘাতপ্ৰাপ্ত হৈছিল। শেষৰ অভাৰত জেছন হোল্ডাৰৰ বলিঙৰ পৰা পঞ্জাৱৰ বেটছমেন কেচটো ল’বলৈ আগবাঢ়ি আহিছিল। কেচটো লোৱাৰ পিছতো তেওঁ আঙুলিত আঘাত পাইছিল। পিছত আঙুলিত দুটা চিলাই কৰা হয়। দুটা বল বাকী থকা অৱস্থাত তেওঁ খেলপথাৰৰ পৰা ওলাই আহিল।
পিছত যেতিয়া ৰাজস্থানে বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া বাটলাৰৰ ঠাইত ৰবিচন্দ্ৰন অশ্বিনে অ’পেন কৰিবলগীয়া হৈছিল। মেচৰ অন্তত যেতিয়া ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনক এই সন্দৰ্ভত সোধা হৈছিল, তেতিয়া তেওঁ কয়, ‘তেওঁ ফিট নাছিল। তেওঁৰ হাতখন চিলাই কৰা হৈছিল।” বাটলাৰে ৩টা বলত ১৯ ৰানতকৈ অধিক ৰান কৰিব নোৱাৰিলে। পিছত ইংৰাজ বেটছমেনগৰাকীয়ে শ্ৰেষ্ঠ কেচৰ বঁটা ল’বলৈ আহিছিল। তেওঁৰ হাতত দেখা গৈছিল ডাঠ বগা বেণ্ডেজ।