১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিছে দল ৷ ১৪ সংখ্যক এই বিশ্বকাপ ক্ৰিকেট অহা ১৪ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব ৷ চাৰিবাৰকৈ এই বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ দখল কৰিছে ভাৰতে ৷ আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ ১৭ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব দিল্লীৰ বেটছমেন য়শ ধুলে ৷ এছ কে ৰছীদক দিয়া হৈছে উপ অধিনায়কৰ দায়িত্ব ৷ ১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ত ভাগ ল’ব ১৬ খন দেশে ৷ মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ’ব ৷ ২০০০,২০০৮,২০১২আৰু ২০১৮ চনত ভাৰতে ১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ২০১৬ আৰু ২০২০ বর্ষত ভাৰতে এই টুর্নামেণ্টত ৰাণার্চ আপৰ খিতাপ দখল কৰিছিল ৷
১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ৰ ভাৰতীয় দলটোঃ
য়শ ধুল (অধিনায়ক),এছ কে ৰচীদ(উপ অধিনায়ক),হাৰনুৰ সিং,অংকৃশ ৰঘুবংশী,নিশান্ত সিন্ধু, সিদ্ধার্থ য়াদৱ, অনীশ্বৰ গৌতম, দীনেশ বানা , আৰধ্য য়াদৱ, গর্ব ছেংউইন, ৰবি কুমাৰ, বিকি অষ্টৱাল,বাসু ভেটচ, আৰ এছ হাংগাৰজেকাৰ, কৌশল টাম্বে ,মানৱ পৰশ,ৰাজ অংগদ বাৱা