আজি গুৱাহাটী মহানগৰীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম যুৱ অলিম্পিকৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সামৰণি অনুষ্ঠানটোত কেন্দ্ৰীয় বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।
যদিও ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰাৰম্ভিক পৰিকল্পনা কৰা হৈছিল কিন্তু বতৰৰ পূৰ্বানুমান আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে আয়োজকসকলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটো আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আজি সন্ধিয়া ৬ বজাত আৰম্ভ হ’ব এই সামৰণি অনুষ্ঠান ।
প্ৰতিযোগিতাখনৰ পঞ্চম দিনৰ শেষত এথলেটিকছ, সাঁতোৰ, শ্বুটিং আৰু অন্যান্য বিভিন্ন খেলত গুৱাহাটীয়ে পদকৰ তালিকাত তেওঁলোকৰ অগ্ৰগতি বজাই ৰাখিবলৈ সক্ষম হয়। গুৱাহাটীয়ে মুঠ ১১১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয় তাৰে ৩৫ টা সোণৰ, ৩৮ টা ৰূপৰ আৰু ৩৮ টা ব্ৰঞ্জৰ পদক ।আনহাতে ১৪ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৩৯ টা পদকৰ সৈতে দ্বিতীয় স্থানত আছে কামৰূপ। তিনিচুকীয়াই ২০ টা পদক (১১ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ) লাভ কৰি তৃতীয় স্থান দখল কৰিছে। ২৭ টা পদকৰ সৈতে যোৰাহাট পদকৰ তালিকাত চতুৰ্থ স্থানত আছে।