ফুটবল তাৰকা সকলৰ ভিতৰত যিসকলৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ হৈছে তেওঁলোকৰ অন্যতম ক্রিষ্টিয়ানো ৰোনাল্ডো ৷ এইগৰাকী তাৰকাৰ দুভৰিৰ যাদুৱে মোহিত কৰি আহিছে কোটি কোটি অনুৰাগীক ৷ এইগৰাকী মহান তাৰকাই বৃহস্পতিবাৰে পুনৰবাৰ এক ঐতিহাসিক কৃতিত্বৰে শিৰোনাম দখল কৰে৷ চলিত বিশ্বকাপত ঘানাৰ বিৰুদ্ধে খেলা মেচত তেওঁ আন এক ইতিহাস ৰচনা কৰে ৷ খেলখনৰ ৬৫ মিনিটত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে গ’ল দি ৫খন ভিন্ন ফিফা বিশ্বকাপত গ’ল দিয়া ইতিহাসৰ প্ৰথমজন পুৰুষ ফুটবলাৰ হিচাপে পৰিগণিত হয়। অৱশেষত পৰ্তুগালে ৩-২ গ’লৰ ব্যৱধানত জয়লাভ কৰে।
তেওঁ পেলে আৰু জাৰ্মান উৱে ছিলাৰ আৰু মিৰ’স্লাভ ক্ল’জক অতিক্ৰম কৰে ৷ যিসকলে আটাইকেইজনে চাৰিখন বিশ্বকাপত গ’ল দিছিল। ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় গ’লৰ নিজৰ বিশ্ব অভিলেখৰ সংখ্যাও ১১৮টালৈ বৃদ্ধি কৰে।
মঙলবাৰে পাৰস্পৰিক সন্মতি সাপেক্ষে মানচেষ্টাৰ ইউনাইটেডৰ পৰা বিচ্ছেদ হোৱাৰ দুদিন পিছতে গ্ৰুপ এইচৰ খেলখনত ৰোণাল্ডোৱে এই অভিলেখ ৰচনা কৰে ৷ যোৱা সপ্তাহত ৩৭ বছৰীয়া ৰোনাল্ডোৱে এটা বিতৰ্কিত সাক্ষাৎকাৰত মান ইউনাইটেডৰ প্ৰশিক্ষক এৰিক টেন হাগ আৰু ক্লাবটোক তীব্ৰ সমালোচনা কৰিছিল ৷