দিল্লীত দ্বিতীয়খন টেষ্টৰ পাছত পাৰিবাৰিক কাৰণত অষ্ট্ৰেলিয়ালৈ উভতি আহে প্যেট কামিন্স। ষ্টিভ স্মিথে তেওঁৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াক নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰে। আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টৰ বাবেও উপলব্ধ নহ’ব কামিন্স। টেষ্টৰ পিছত এদিনীয়া শৃংখলাৰ বাবেও তেওঁ উপলব্ধ হ’ব নে নহয় সেই সম্পৰ্কে অনিশ্চয়তাৰ সৃষ্টি হৈছে।
অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে জনাইছে যে কামিন্স এতিয়া ভাৰতলৈ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। গতিকে চতুৰ্থ টেষ্টত দায়িত্ব ল’ব স্মিথে। এক বিবৃতিত তেওঁলোকে কয়, “চতুৰ্থ টেষ্টতো দলত নাথাকিব কামিন্স ৷ স্মিথে অষ্ট্ৰেলিয়াৰ অধিনায়ক হিচাপে দায়িত্ব ল’ব।’ বিবৃতিটোত লগতে কোৱা হৈছে যে টেষ্ট শৃংখলাৰ পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে কামিন্স উপলব্ধ হ’ব নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই। টেষ্টৰ পাছত তেওঁ অষ্ট্ৰেলিয়াৰ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্বতো আছিল তেওঁ ।
ক্ৰিকেট অষ্ট্ৰেলিয়াই এতিয়ালৈকে এদিনীয়া শৃংখলাৰ অধিনায়ক ঘোষণা কৰা নাই যদিও কামিন্স ওভতি অহাৰ সম্ভাৱনা কম। অৱশ্যে দেখা গৈছে যে অভিজ্ঞ স্মিথক টেষ্টৰ লগতে এদিনীয়া শৃংখলাতো এই দায়িত্ব দিয়া হ’ব পাৰে। স্মিথৰ ভাৰতত খেলাৰ অভিজ্ঞতা আছে। তেওঁ দলটোৰ প্ৰাক্তন অধিনায়ক। গতিকে হয়তো দলটোৱে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছে।
অৱশ্যে স্মিথে কয় যে তেওঁৰ পুনৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক হোৱাৰ কোনো ইচ্ছা নাই। ইন্দোৰত ভাৰতক পৰাস্ত কৰাৰ পাছত সংবাদমেলত স্মিথে কয় “অধিনায়ক হিচাপে মোৰ সময় শেষ। এইটো কামিন্সৰ দল। মই আৰু অধিনায়ক হ’ব নিবিচাৰো।” স্মিথে ভাৰতত দলটোৱে তেওঁক কিয় বিশ্বাস কৰিছিল সেই কথাও বুজাই দিলে। তেওঁৰ ভাষাত “ভাৰতত দীৰ্ঘদিন ধৰি খেলা আৰু নেতৃত্ব দিয়াৰ অভিজ্ঞতা মোৰ আছে। ইয়াৰ পৰিস্থিতি মই ভালদৰে বুজি পাওঁ। সেইবাবেই মোক দায়িত্ব দিয়া হৈছে। বহুদিনৰ মূৰত অধিনায়ক হৈ ভাল লাগিছে ।“