অষ্ট্ৰেলিয়ান অ’পেনৰ পূৰ্বে ফিটনেছ সমস্যাই ন’ভাক জ’কভিচক চিন্তিত কৰিছে। ২১ বাৰৰ গ্ৰেণ্ড শ্লেম খেলুৱৈগৰাকীয়ে ডেনিল মেডভেডেভৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলি থকাৰ সময়তে বাওঁভৰিত বিষ অনুভৱ কৰে ৷
ক’ভিড ভেকচিন নোলোৱাৰ বাবে যোৱা বছৰ অষ্ট্ৰেলিয়ান অ’পেনত খেলাৰ সুযোগ নাপালে জ’কভিচে ৷ অষ্ট্ৰেলিয়া পোৱাৰ পিছতো তেওঁ উভতি যাব লগা হৈছিল। এইবাৰো তেওঁৰ খেলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ।
অষ্ট্ৰেলিয়াৰ মাটিত একেৰাহে ৩৪খন মেচত জয়লাভ কৰিছে জ’কভিচে। এইবাৰো তেওঁ ভাল ফর্মত আছে। বছৰৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম জয়ৰ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত তেওঁ অন্যতম।
বুধবাৰে ৰড লেভাৰ এৰিনাত অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচৰ সময়ত বাওঁ ভৰিত বিষ অনুভৱ কৰাৰ পাছত জ’কভিচে তিনিবাৰ খেল বন্ধ কৰিবলৈ বাধ্য হয়। খেলখনৰ ৩৬ মিনিটত জক’ভিচে প্ৰথমবাৰৰ বাবে ক’ৰ্টত চিকিৎসকক ফোন কৰে। সেই সময়লৈকে তেওঁ প্ৰথম ছেটটো ৪-৬ ব্যৱধানত পৰাস্ত হৈছিল।