লিয়নেল মেছিক শাস্তি দিছিল পেৰিছ চেণ্ট জাৰ্মেইনে। আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীক দুসপ্তাহৰ বাবে বিতাড়িত কৰা হৈছে। মেছিয়ে অনুমতি অবিহনে চৌদি আৰবলৈ যোৱাৰ বাবেই তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে । যদিও এই নিৰ্বাসনৰ সময়সীমা দলটোৰ উৎসৰ পৰা জানিব পৰা হোৱা নাই, তথাপিও ফ্ৰান্সৰ সংবাদ মাধ্যমে দাবী কৰিছে যে মেছি দুসপ্তাহৰ বাবে নিৰ্বাসিত হ’ব। এই সময়ছোৱাত তেওঁ ক্লাবৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব নোৱাৰিব, কোনো মেচ খেলিব নোৱাৰিব আৰু এই দুসপ্তাহৰ বাবে তেওঁক কোনো ধৰণৰ দৰমহা দিয়া নহ’ব।
ইয়াৰ লগে লগে অনাগত দিনত মেছিৰ সৈতে পি এছ জিৰ সম্পৰ্ক যে অধিক তিক্ত হ’ব তাত কোনো সন্দেহ নাই। ৰেলিগেচনৰ বাবে মেছিয়ে ট্ৰয়েছ আৰু আজাচিঅ’ৰ বিৰুদ্ধে খেলিব নোৱাৰিব। অৱশ্যে অনুশীলন কৰিবলৈ নিদিয়া আৰু দৰমহা নোপোৱাটোৱেই মেছিৰ চূড়ান্ত অপমান বুলি সংশ্লিষ্ট শিবিৰটোৱে ভাবে। বহুতে বিশ্বাস কৰে যে মেছিয়ে হয়তো পি এছ জিৰ হৈ শেষ মেচ খেলিছিল। ভৱিষ্যতে হয়তো তেওঁক ফ্ৰান্সৰ ক্লাবৰ জাৰ্চিত দেখা নাযাব ৷
সেই দেশৰ চৰকাৰৰ আমন্ত্ৰণত মেছিয়ে চৌদি আৰৱলৈ গৈছিল। তেওঁ চৌদি আৰৱ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ। বিজ্ঞাপনৰ শ্বুটিঙৰ বাবেই তেওঁ সোমবাৰে গোটেই পৰিয়ালটোৰ সৈতে ৰিয়াধলৈ উৰা মাৰিছিল। সেই বিজ্ঞাপন নিৰ্মাতাসকলে প্ৰকাশ কৰা অনুসৰি ইয়াৰ পিছত ছৌদি আৰৱত অতি গৰম হ’ব। গতিকে ইয়াক কোনো ধৰণে শ্বুটিং কৰিব নোৱাৰি।
ল’ৰিয়েণ্ট মেচৰ পিছত দুদিনৰ বাবে প্ৰশিক্ষণৰ ছুটী লৈছিল । তেতিয়াই তেওঁ আৰৱলৈ যায় ৷ হঠাৎ মেছিক খবৰ নিদিয়াকৈয়ে প্ৰশিক্ষণ আৰম্ভ কৰা হয়। স্বাভাৱিকতে মেছিয়ে উপস্থিত থাকিব নোৱাৰিলে। ইয়াত খর্গহস্ত হৈ ক্লাৱটোৱে তেওঁক নিৰ্বাসিত কৰে।