বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ দৌৰৰ অন্ত পৰিল। একেদিনাই ভাৰতৰ মণিকা বাত্ৰাই একক শাখাত আৰু শৰৎ কমল-জি সত্যন ডাবলছত পৰাস্ত হোৱাৰ ফলত ভাৰতৰ প্ৰতিযোগিতাত আন কোনো প্ৰতিদ্বন্দ্বী নাই।
মহিলা একক শাখাত ৩২ ৰাউণ্ডত প’ৰ্ট’ ৰিকোৰ এড্ৰিয়ানা ডায়েজৰ হাতত পৰাস্ত হয় মানিকা। ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে প্ৰথমখন খেলত জয়লাভ কৰে যদিও পৰৱৰ্তী দুখন খেলত জয়লাভ কৰে ডায়েজে। চতুৰ্থখন খেলত জয়ী হৈ মেচলৈ ঘূৰি আহিল মণিকা। পঞ্চমখন খেলত পুনৰ জয়লাভ কৰে ডায়েজে। মণিকাই সহজে হাৰ নামানিলে। ষষ্ঠখন খেলত তেওঁ জয়লাভ কৰে। শেষৰ খেলখনত মেচখন নিৰ্ণয় কৰা হয়। সেই খেলখনত ডায়েজে জয়ী হয়।
পুৰুষৰ ডাবলছত ব্যৰ্থ হয় ভাৰতীয় যুটি। ১৬ ৰাউণ্ডত শৰৎ-সাথিয়ান ইংৰাজ যুটি পল ড্ৰিংখাল আৰু লিয়াম পিচফোৰ্ডৰ হাতত পৰাস্ত হয়। ১১-৯, ৮-১১, ১২-১৪, ১০-১২ ছেটত পৰাজিত হয় যুটীটো। এই যুটিটোক পৰাস্ত কৰি ২০১৮ চনত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত শৰৎ আৰু সাথিয়ান যুটিয়ে সোণৰ পদক লাভ কৰিছিল।
মহিলাৰ ডাবলছতো ভাৰতৰ পৰাজয় হৈছে । ১৬ ৰাউণ্ডত মণিকা বাটৰা আৰু অৰ্চনা কামাথৰ যুটি জাপানৰ হিনা হায়াটা আৰু মিমা ইটো যুটিৰ হাতত পৰাস্ত হয়। একেৰাহে তিনিখন খেলত তেওঁলোক পৰাস্ত হয়। ১১-৮, ১১-৬, ১১-৭ ছেটৰ ব্যৱধানত জাপানৰ যুটীটোৱে জয়লাভ কৰে ।