অসম এথলেটিকছ এছ’চিয়েশ্যনে (এএএ) স্প্ৰিণ্টাৰ হিমা দাস আৰু অম্লান বৰগোহাঁইক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।সংগঠনটোৱে হিমা দাসক ১ লাখ টকা আৰু অম্লান বৰগোহাঁইক ৫০ লাখ টকা প্ৰদান কৰিব।আজি অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ কোঁৱৰে এই কথা জানিবলৈ দিয়ে।
২৩ জুনত অসম অলিম্পিক সংস্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাই মাৰাথন দৌৰৰ আয়োজন কৰিব। উল্লেখযোগ্য যে কমনৱেলথ গেমছত ৪×১০০ মিটাৰ ৰিলে’ত ভাৰতক প্ৰতিনিধিত্ব কৰিব হিমা দাসে ।
১৪ জুনত চেন্নাইত সমাপ্ত হোৱা ৬১ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ২০০ মিটাৰ দৌৰত হিমাই ৰূপৰ পদক লাভ কৰে। ইফালে পুৰুষৰ ২০০ মিটাৰ প্ৰতিযোগিতাত অম্লান বৰগোহাঁইয়ে সোণৰ পদক অৰ্জন কৰে।