৩৬ বছৰৰ পাছত ভাৰতৰ শ্ৰেষ্ঠ দবা খেলুৱৈৰ খিতাপ হেৰুওৱাৰ দিশে গতি কৰিছে বিশ্বনাথন আনন্দ। পাঁচবাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে দ্বিতীয় স্থানলৈ আগবাঢ়িব। ১৭ বছৰীয়া ডমৰাজু গুকেশ ভাৰতীয় দবা খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানলৈ উন্নীত হ’ব। আজাৰবাইজানৰ বাকুত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত গুকেশৰ জয়ে ভাৰতীয় দবা খেলুৱৈৰ ভিতৰত শীৰ্ষস্থান নিশ্চিত কৰে। অৱশ্যে বিশ্ব দবা ফেডাৰেচন ৰেংকিঙত ভাৰতীয়ৰ ভিতৰত আনন্দ এতিয়াও শীৰ্ষত আছে। ছেপ্টেম্বৰৰ আৰম্ভণিতে ফেডাৰেচনে প্ৰকাশ কৰিবলগীয়া নতুন ৰেংকিঙত শীৰ্ষস্থান দখল কৰিব গুকেশ। ১৭ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে যোৱা এপ্ৰিল মাহত ফিডৰ ৰেংকিঙত শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছিল।
ফেডাৰেচনৰ পৰৱৰ্তী ৰেংকিঙত বিশ্বৰ শীৰ্ষ ১০ গৰাকী দবা খেলুৱৈৰ ভিতৰত স্থান পাব গুকেশ। ভাৰতৰ তৃতীয় দবা খেলুৱৈ হিচাপে তেওঁ বিশ্বৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিব। আনন্দৰ বাহিৰে কেৱল পি হৰিকৃষ্ণৰ এই কৃতিত্ব আছে। যোৱা জুলাই মাহত গুকেশে ইলো ৰেটিংত আন এজন প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনক অতিক্ৰম কৰিছিল। চেন্নাইৰ এইগৰাকী স্থানীয় খেলুৱৈয়ে ২৭৫০ ইলো ৰেটিং লাভ কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা খেলুৱৈ হিচাপেও গৌৰৱ লাভ কৰিছে।
বিশ্ব দবাত গুকেশৰ উত্থানও উল্লাসৰ সৃষ্টি কৰিছে। ৩৬ বছৰৰ পাছত ভাৰতীয়ৰ ভিতৰত দ্বিতীয় স্থানলৈ নামি অহাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই। আনন্দই কয়, “কেৱল মই নহয়, যোৱা ডেৰ বছৰত গুকেশে বহু লোকৰ লগত নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।”
এতিয়া আনন্দ ফেডাৰেচনৰ ৰেংকিঙত নৱম স্থানত আছে। তেওঁৰ ইলো ৰেটিং হৈছে ২৭৫৪। ১১ নম্বৰত আছে গুকেশ। ২৭ বছৰীয়া দবা খেলুৱৈগৰাকীৰ ইলো ৰেটিং হৈছে ২৭৫১। একেৰাহে ৩৬ বছৰ ভাৰতীয় দবা শাখাৰ শীৰ্ষত থকাৰ পাছত অহা মাহত দ্বিতীয় স্থানলৈ নামি আহিব ৫৩ বছৰীয়া আনন্দ ৷