প্ৰাক্তন ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট(ডব্লিউ ডব্লিউ ই)ৰ মল্লযুঁজাৰু ছাৰা লীৰ শুকুৰবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩০ বছৰ। ছাৰা লীৰ মাতৃয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয়, “আমি অতি দুখেৰে জনাওঁ যে আমাৰ চাৰা ৱেষ্টন স্বর্গগামী হৈছে ৷”
২০১৫ চনত ছাৰা লীয়ে ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্টৰ ৰিয়েলিটি প্ৰতিযোগিতাৰ ‘টাফ এনাফ’ ছিৰিজত জয়ী হৈছিল।ছাৰা লীৰ মৃত্যুৰ বাতৰিয়ে মল্লযুঁজৰ জগতখনক স্তম্ভিত কৰি তুলিছে ৷ মল্লযুঁজাৰু নিকি এছে চাৰা লীৰ সৈতে একাধিক ছবি শ্বেয়াৰ কৰি সামাজিক মাধ্যমত কয় দুখ প্ৰকাশ কৰে ৷ প্ৰাক্তন মল্লযুঁজাৰু ৱেষ্টিন ব্লেকৰ সৈতে বিবাহ পাশত অৱদ্ধ হৈছিল ছাৰা ৷
WWE is saddened to learn of the passing of Sara Lee. As a former "Tough Enough" winner, Lee served as an inspiration to many in the sports-entertainment world. WWE offers its heartfelt condolences to her family, friends and fans. pic.twitter.com/jtjjnG52n7
— WWE (@WWE) October 7, 2022
ডব্লিউডব্লিউইয়েও পেছাদাৰী মল্লযুঁজাৰুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। এক বিবৃতিত প্ৰফেচনেল ৰেছলিং কোম্পানীটোৱে কয়, “ছাৰা লীৰ মৃত্যুৰ খবৰ পাই অত্যন্ত দুখিত ৷ প্ৰাক্তন “টাফ এনাফ” বিজয়ী হিচাপে লীয়ে ক্ৰীড়া-বিনোদন জগতৰ বহুতৰে বাবে প্ৰেৰণা হৈ পৰিছিল ৷ তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীসকললৈ অঅমাৰ ফালৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।”