ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে আইপিএলত খেলিলেও ব’ৰ্ডৰ চুক্তিত থকা বলাৰক বেছি হেঁচা প্ৰয়োগ নকৰিবলৈ নিৰ্দেশ দিছে। এই কথা প্ৰতিজন ফ্ৰেঞ্চাইজিক জনোৱা হৈছে। কাৰণ, আই পি এলৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব । এই দুখন প্ৰতিযোগিতাৰ বাবে যাতে বলাৰসকল সম্পূৰ্ণ সুস্থ অৱস্থাত উপলব্ধ হয় তাৰ বাবে বিচিচিআইয়ে এই নিৰ্দেশ দিছে।
নেশ্যনেল ক্ৰিকেট একাডেমীৰ ফিজিঅ’ নীতিন পেটেল আৰু ভাৰতীয় দলৰ ফিজিঅ’ সোহাম দেশাইয়ে আই পি এলৰ সকলো ফ্ৰেঞ্চাইজিৰ ফিজিঅ’ৰ সৈতে কথা পাতিছে। তাত তেওঁলোকে কয় যে ১২ জন ভাৰতীয় বলাৰক বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁলোকক সাৱধানে ব্যৱহাৰ কৰিব লাগে।
এই ১২ গৰাকী বলাৰ আই পি এলৰ সাতটা দলত অন্তভুর্ক্ত হৈ আছে । তেওঁলোক হ’ল- গুজৰাট টাইটানছৰ মহম্মদ ছামি, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মহম্মদ চিৰাজ, কলকাতা নাইট ৰাইডাৰ্ছৰ উমেশ যাদৱ আৰু শ্বাৰদুল ঠাকুৰ, চেন্নাই ছুপাৰ কিংছৰ দীপক চহৰ, দিল্লী কেপিটেলছৰ কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল, ৰাজস্থান ৰয়েলছৰ ৰবিচন্দ্ৰন অশ্বিন আৰু যুজবেন্দ্ৰ চাহাল আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভূৱনেশ্বৰ কুমাৰ,উমৰাণ মালিক আৰু ৱাশ্বিংটন সুন্দৰ।
বিচিচিআইৰ এজন বিষয়াই কয়, ‘ভাৰতীয় বলাৰসকলক অতি সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছে। নেটত অতিৰিক্ত বল কৰিবলৈ মানা কৰা হৈছে ৷ অৱশ্যে ফিল্ডিঙৰ অনুশীলন কৰিব। এই বলাৰসকলে মে’ মাহৰ শেষ সপ্তাহৰ পৰা নেটত বলিঙৰ সময় বৃদ্ধি কৰিব। বিচিচিআইয়ে ফ্ৰেঞ্চাইজিৰ সৈতে সকলো সময়তে যোগাযোগ ৰাখিব। যদি কোনো বলাৰে তেওঁৰ কোনো সমস্যা হৈছে বুলি কয় তেন্তে তেওঁ তৎক্ষণাত ব’ৰ্ডক অৱগত কৰিব লাগিব ৷”
আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ঋষভ পন্ত, যশপ্ৰীত বুমৰাহ, শ্ৰেয়াছ আয়াৰক পুনৰ কেতিয়া খেলপথাৰত দেখা যাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ পন্তৰ বাহিৰে বাকী দুজন খেলি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয়। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ঘৰুৱা মাটিত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ পূৰ্বে যাতে কোনো ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত নহয় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিচিচিআইয়ে।