বিশ্বত ক্ৰিকেট খেলা দেশসমূহৰ ভিতৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড হৈছে আটাইতকৈ ধনী ব’র্ড । বিচিচিআইৰ হাতত থকা ধনৰ পৰিমাণ বিশ্বৰ কেইবাখনো ব’ৰ্ডৰ মুঠ ধনতকৈ অধিক। কাৰ হাতত কিমান ধন আছেনে জানেনে ?
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডঃ তালিকাৰ শীৰ্ষত আছে বিচিচিআই। ২০২৩ চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ১৬,৩৬৮ কোটি। আই পি এলৰ দৰে প্ৰতিযোগিতাৰ পৰা বি চি চি আইয়ে ভাল উপাৰ্জন কৰে। সেইবাবেই এই ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ বেছি।
দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডঃ এই ক্ৰিকেট ব’ৰ্ড এই তালিকাত দ্বিতীয় স্থানত আছে। ২০২৩ চনত এই ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ৬৪৬ কোটি।
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডঃ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ৪৮২ কোটি। এই তালিকাত ৩ নম্বৰ স্থানত আছে বিশ্ব চেম্পিয়ন ক্ৰিকেট ব’ৰ্ড।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডঃ দেশৰ আৰ্থিক অৱস্থা বেয়া হ’লেও পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ জমা সম্পূৰ্ণ খালী নহয়। বাবৰ আজমৰ ক্ৰিকেট ব’ৰ্ড এই তালিকাত চতুৰ্থ স্থানত আছে। তেওঁলোকৰ হাতত আছে ৪৫০ কোটি টকা।
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডঃ পাকিস্তানৰ ঠিক তলত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ প্ৰিমিয়াৰ লীগৰ দৰে প্ৰতিযোগিতাই চাকিব আল হাছানৰ ব’র্ডলৈ বহু ধন আনিছে। ২০২৩ চনত বিচিবিৰ হাতত আছে ৪১৭ কোটি টকা।
জিম্বাবুৱে ক্ৰিকেট ব’ৰ্ডঃ ধনৰ ক্ষেত্ৰত বহু পিছ পৰি থকা নাই জিম্বাবুৱে ক্ৰিকেট ব’র্ড। এই ব’ৰ্ডৰ হাতত আছে ৩১০ কোটি টকা।
অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডঃ বিশ্বকাপৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ সফল ক্ৰিকেট ব’ৰ্ড হোৱাৰ পিছতো তেওঁলোকৰ হাতত বিশেষ ধন নাই। ২০২৩ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডৰ কোষাগাৰত আছে ১৯৬ কোটি টকা।
শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডঃ তেওঁলোকৰ দেশৰ আৰ্থিক অৱস্থাও বৰ ভাল নহয়। ব’ৰ্ডৰ হাতত ধনৰ ক্ষেত্ৰতো তেওঁলোক বহু পিছ পৰি আছে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ হাতত আছে ১৩০ কোটি টকা।
ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডঃ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰসকলে দেশৰ হৈ খেলিবলৈ পৰ্যাপ্ত ধন নাপায় বাবেই বিশ্বৰ বিভিন্ন লীগত খেলে। আন্দ্ৰে ৰাছেলৰ ব’ৰ্ডত আছে ১২২ কোটি টকা।
নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডঃ বিশ্বৰ বহু শ্ৰেষ্ঠ ক্ৰিকেটাৰ এই দেশৰ পৰা ওলাই আহিছে। কিন্তু তেওঁলোকে পৰ্যাপ্ত ধন পায়নে? এই দেশৰ ক্ৰিকেট ব’ৰ্ডৰ হাতত আছে মাত্ৰ ৭৫ কোটি টকা। ধনৰ ক্ষেত্ৰত কেন উইলিয়ামছনৰ ক্ৰিকেট ব’ৰ্ড ১০ নম্বৰত আছে।