ভাৰত বনাম ইংলেণ্ড ৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত আজিৰ খেলখনত শেষবাৰৰ বাবে দুয়ো দলৰ খেলুৱৈসকলে ইজনে সিজনৰ বিৰুদ্ধে খেলিব।
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পঞ্চম টেষ্ট মেচখন আজি বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত হ’ব।
খেলখন ভাৰতীয় সময় মতে আবেলি ৩ বজাত আৰম্ভ হ’ব আৰু ফেনকোড আৰু ক্ৰিকেটএডিক্টৰ ৱেবছাইটত লাইভ স্কোৰ আৰু কমেণ্ট্ৰী দেখা যাব। আনহাতে লাইভ টেলিকাষ্ট উপলব্ধ হ’ব চনি স্পৰ্টছ নেটৱৰ্কত উপলব্ধ হ’ব আনহাতে লাইভ ষ্ট্ৰীমিং চনিলিভ এপত ।
দুই দলৰ মাজত অনুষ্ঠিত এই পাঁচখন খেলৰ টেষ্ট শৃংখলাত ৫ খন খেলৰ ভিতৰত ৪ খন খেলেই যোৱা বছৰেই খেলা হৈছিল ৷ আৱশেষত ভাৰতে অন্তিম খেলখনত আজি ইংলেণ্ডৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব ৷
এই শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ড্ৰ’ৰ সৈতে সমাপ্ত হৈছিল। তাৰ পিছত, ভাৰতে দ্বিতীয় খন খেলত ১৫১ ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে আৰু শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে। তৃতীয় খন খেলত ইংলেণ্ডৰ দলটোৱে প্ৰত্যাৱৰ্তন কৰে আৰু ভাৰতক একপক্ষীয়ভাৱে ইনিংছ আৰু ৭৬ ৰাণত পৰাস্ত কৰে। তৃতীয় খন খেলত নিৰ্মমভাৱে পৰাজিত হোৱাৰ পিছত ভাৰতীয় দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰে ৷
এই শৃংখলাৰ অৰ্থাৎ অন্তিমখন খেলত, ভাৰতে শৃংখলাটো দখল কৰিবলৈ দলটোক আন এটা বিজয়ৰ প্ৰয়োজন হ’ব ৷আনহাতে ইংলেণ্ডেও তেওঁলোকক পৰাস্ত কৰি শৃংখলাটোত সমতা আনিবলৈ বিচাৰিব। গতিকে দুয়োটা পক্ষৰ মাজত হ’বলগীয়া এই প্ৰতিদ্বন্দ্বিতা অৱশ্যেই হ’ব ৰোমাঞ্চকৰ ।
আজিৰ খেলখনত ইংলেণ্ড দলৰ হৈ খেলপথাৰত নামিব- জাক ক্ৰাউলি, এলেক্স লিছ, অলি পোপ, জো ৰুট, জনি বেয়াৰস্টো, বেন ষ্টোকছ (গ), বেন ফ’কেছ ছেম বিলিংছ (ৱিকে), জেমি অভাৰটন, ষ্টুৱাৰ্ট ব্ৰড, জেক লিচ, জেমছ এণ্ডাৰচন আদি খেলুৱৈসকল ৷
আনহাতে ভাৰতীয় দলটোত থাকিব : শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, ঋষভ পন্ত (ৱিকে), ৰবীন্দ্ৰ জাদেজা, ৰবি অশ্বিন/ শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ৷
চেতেশ্বৰ পূজাৰা ভাৰতৰ এজন সোঁহতীয়া বেটছমেন যি ৰোহিত শৰ্মাৰ অনুপস্থিতিত ইনিংছ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ২২৭ ৰাণ সংগ্ৰহ কৰিছে আৰু এইবাৰো এটা ভাল আৰম্ভণিৰ সৈতে ভাৰতক সহায় কৰিব বুলি আশা কৰিছে ক্ৰিকেট প্ৰেমী সকলে ।
আনহাতে শুভমান গিল ভাৰতৰ এজন সোঁহতীয়া বেটছমেন যি তেওঁলোকৰ বাবে ইনিংছ আৰম্ভ কৰিব। তেওঁক অন্তিম টেষ্ট খেলৰ বাবে দলটোত অন্তৰ্ভূক্ত কৰা হৈছে।
ইফালে ক্ৰেগ অভাৰটন এজন সোঁহতীয়া বেটছমেন আৰু ইংলেণ্ডৰ সোঁহতীয়া মিডিয়াম-ফাষ্ট বলাৰ। তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ৪৩ ৰাণ চিহ্নিত কৰিছে আৰু ৮ টা উইকেট দখল কৰিছে। দলটোৰ অলি পোপো এজন সোঁহতীয়া বেটছমেন। তেওঁ এতিয়ালৈকে এই শৃংখলাত ৮৩ ৰাণ লাভ কৰিছে আৰু এই গুৰুত্বপূৰ্ণ খেলখনত আকৌ এবাৰ বেটেৰে কাৰ্যকৰী হ’ব পাৰে।