গুৱাহাটীত আজি অনুষ্ঠিত হৈছে ভাৰত আৰু শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়া মেচ ৷ শ্ৰীলংকাৰ অধিনায়ক দছুন ছনাকাই টছত জয়লাভ কৰি বলিঙ কৰিবলৈ সিদ্ধান্ত লয় ৷ কিন্তু ভাৰতৰ প্ৰথম একাদশক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। এই মেচত ভাৰতৰ হৈ অপেনাৰ হৈছে ৰোহিত শৰ্মা আৰু শুভমন গিল। কিন্তু শেষৰ এদিনীয়া খেলখনত দ্বৈত শতক অৰ্জন কৰা ঈশান কিষানক বাদ দিয়াক লৈ এই প্ৰশ্নৰ উত্থাপন হৈছে । ভাৰতে শুভমনক এদিনীয়া ক্ৰিকেটত অধিক সুযোগ দিব বিচাৰিছে। কিন্তু যুৱ ঈশানে দ্বৈত শতক অৰ্জন কৰি মেচখনত প্ৰথম এঘাৰত বাহিৰ হ’ল। বহুতে এয়া মানি ল’ব নোৱাৰে। তাৰ লগতে সূৰ্যকুমাৰ যাদৱক সুযোগ নিদিয়াতো প্ৰশ্ন উত্থাপন হয়।
ভাৰতৰ প্ৰথম এঘাৰত তিনি নম্বৰ স্থানত আছে বিৰাট কোহলী। চাৰি নম্বৰত শ্ৰেয়াছ আয়াৰ। কিন্তু সূৰ্যকুমাৰে টি-২০ ছিৰিজত উন্নত প্ৰদর্শন কৰিছে । এনে ক্ৰিকেটাৰক বাদ দিয়াতো কিমান যুক্তিকৰ আছে সেই লৈও প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ বলিং লাইনত আছে মহম্মদ ছামি, উমৰাণ মালিক, মহম্মদ চিৰাজ আৰু যুজবেন্দ্র চাহাল৷ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলও আছে। অৰ্থাৎ ভাৰতে দুজন স্পিনাৰ আৰু চাৰিজন পেচাৰৰ সৈতে খেলি আছে। কিন্তু পৰৱৰ্তী বিশ্বকাপ ভাৰতত হ’ব। বহুতে অনুভৱ কৰে যে তেওঁলোকে তিনিজন স্পিনাৰৰ পৰা আৰম্ভ কৰা উচিত আছিল। আকৌ বহুতৰ মতে পিছলৈ গুৱাহাটীত বলিং কৰাৰ সময়ত স্পিনাৰসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেইবাবেই ৰোহিতে চাৰিজন পেচাৰ লৈছিল।