VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সপোন পূৰণ হ’ল জিণ্টিমণিৰ,আই পি এল ত স্থান লাভ মঙলদৈৰ জীয়ৰী

সপোন পূৰণ হ’ল জিণ্টিমণিৰ,আই পি এল ত স্থান লাভ মঙলদৈৰ জীয়ৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 13, 2023
in ক্ৰীড়া
সপোন পূৰণ হ’ল জিণ্টিমণিৰ,আই পি এল ত স্থান লাভ মঙলদৈৰ জীয়ৰী
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ নগৰ বালিকাত নৱম শ্ৰেণীত পঢ়াৰ পৰাই জিণ্টিমণিয়ে ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ মঙলদৈ ষ্টেডিয়ামত অভ্যাস আৰম্ভ কৰিছিল । ক্ৰমান্বয়ে ভাল খেল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণিয়ে , যাৰ কাৰণে পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত মহিলা ভাৰতীয় B টীমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণি কলিতা । যি আছিল অসম মহিলা ক্ৰিকেটৰ বাবে গৌৰৱৰ কথা আৰু আগন্তুক মহিলা আই পি এল খেলৰ নিলামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী জিণ্টিমণি কলিতাৰ নাম ।

মঙলদৈ জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পিতৃ মুকুল কলিতা আৰু মাতৃ শেৱালি কলিতাৰ জীয়ৰী জিণ্টিমণি কলিতাই নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই মঙলদৈ ষ্টেডিয়ামত নিজ ভাতৃক থ’বলৈ অহা-যোৱা কৰা জিণ্টিমণিয়ে নিজেও আকৰ্ষিত হৈ পৰিছিল ক্ৰিকেটৰ প্ৰতি । তেওঁৰ আকৰ্ষণ দেখি ষ্টেডিয়ামত ক্ৰিকেটৰ অভ্যাস কৰিবলৈ দিছিল প্ৰশিক্ষকসকলে । ক্ৰমাৎ ভাল খেল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে । কিন্তু সমস্যা তাতে হ’ল, কিয়নো মঙলদৈত কোনো ছোৱালীয়ে ক্ৰিকেট নেখেলে, পিছে কিশোৰীগৰাকীৰ জেদ ক্ৰিকেট খেলুৱৈ হ’বলৈ ।

মঙলদৈ ষ্টেডিয়ামত পুৰুষ খেলুৱৈৰ লগতে অভ্যাসত নামিল জিণ্টি । গুৱাহাটীত পূৰ্ব পৰীক্ষাত খেলাৰ বাবে আমন্ত্ৰণ জনালে জিণ্টিমণি কলিতাক । নিৰ্বাচিত হ’ল প্ৰথমে অসম মহিলা দলৰ আণ্ডাৰ ১৯ত খেলিবলৈ আৰু এটা বছৰ পূৰ্বে ক্রিকেটৰ অনুশীলন আৰম্ভ কৰা কিশোৰীগৰাকী নিৰ্বাচিত হ’ল অসম দলত আণ্ডাৰ ১৯ত । অসম মহিলা ক্ৰিকেট ছিনিয়ৰ দলতো বিভিন্ন ৰাজ্যৰ লগত ক্ৰিকেট খেলি অভিজ্ঞতা অৰ্জন কৰিলে কিশোৰীগৰাকীয়ে ।

কঠোৰ অনুশীলন অব্যাহত ৰাখিলে কিশোৰীগৰাকীয়ে, এগৰাকী ভাল বলাৰ হোৱাৰ মন ৰখা জিণ্টিমণিৰ সপোন ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা । কিন্তু পিতৃ মঙলদৈ জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মুকুল কলিতাই ক্ৰিকেটৰ নিচিনা খৰচী খেল খেলা জিণ্টিমণিক লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ।

তাৰ মাজতে মঙলদৈ ষ্টেডিয়াম কৰ্তৃপক্ষই বিভিন্ন সময়ত খেল খেলিবলৈ সহায় আগবঢ়ালে । শেহতীয়াভাৱে মঙ্গলদৈ মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী জিণ্টিমণিয়ে ভাল খেল প্ৰদর্শন কৰাৰ বাবে আগন্তুক হ’ব লগা মহিলা আই পি এলৰ নিলামৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম
হৈছে ।

২০২৩ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব লগা নিলামক লৈও এতিয়া অপেক্ষা কৰিছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়ে ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7