ইন্দোৰত প্ৰথম ইনিংছত ব্যৰ্থ হয় ভাৰতীয় বেটছমেন। মাত্ৰ ১০৯ ৰানত অল আউট হৈছিল দলটো। কিন্তু ইয়াৰ মাজতে উমেশ যাদৱে মেচখনক দিলে সুকীয়া গতি ৷ শেষত ভাৰতীয় দলটোৱে উমেশ যাদৱৰ ১৩ বলত ১৭ ৰানেৰে ১০০ ৰান অতিক্ৰম কৰে। ইয়াৰ লগে লগে উমেশ যাদৱে স্পর্শ কৰিলে বিৰাট কোহলিৰ অভিলেখ ৷
১৭ ৰানৰ ইনিংছত উমেশে ২টা ছিক্স মাৰিবলৈ সক্ষম হয় । টেষ্টত এতিয়ালৈকে তেওঁ ২৪টা ছিক্স কোবাইছে ৷ টেষ্ট খেলত কোহলীৰ ছিক্সৰ সংখ্যাও ২৪টা ৷ কেৱল কোহলীক স্পৰ্শ কৰাই নহয়, উমেশে তেওঁৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীক চেৰ পেলাইছে। টেষ্টত শাস্ত্ৰীয়ে ২২টা ছিক্স মাৰিছিল ৷ ইন্দোৰত শাস্ত্ৰীক অতিক্ৰম কৰিলে উমেশে।
টেষ্টত ছিক্সৰ তালিকাত ভাৰতীয় বেটছমেনৰ ভিতৰত ১৭ নম্বৰ স্থানত আছে উমেশ। এই তালিকাৰ শীৰ্ষত আছে বীৰেন্দ্ৰ সেহৱাগ। টেষ্টত তেওঁ ৯১টা ছিক্স কোবাইছিল ৷ দ্বিতীয় স্থানত থকা মহেন্দ্ৰ সিং ধোনিৰ ছিক্সৰ সংখ্যা হৈছে ৭৮টা ৷