লা লিগা কাৰ্যতঃ বাৰ্চিলোনাৰ কবলত। মঙলবাৰে নিশাৰ খেলখনত অছাছুনাক ১-০ গ’লত পৰাস্ত কৰে বার্চিলোনাই। একেদিনাই পৰাস্ত হয় ৰিয়েল মাদ্রিদ। ফলত বাৰ্চিলোনাই আৰু এখন মেচত জয়ী হ’লে লা লিগা ট্ৰফী লাভ কৰিব। আন কোনো দলে তেওঁলোকক পুনৰ স্পৰ্শ কৰিব নোৱাৰে।
৩৩খন খেলত বাৰ্চিলোনাই ৮২ পইণ্ট লাভ কৰিছে। দ্বিতীয় স্থানত থকা ৰিয়েলৰ সমান সংখ্যক মেচ খেলাৰ পিছতপইণ্টৰ সংখ্যা ৬৮ । তৃতীয় স্থানত থকা এটলেটিকো মাদ্রিদে ৩২খন খেলত ৬৬ পইণ্ট লাভ কৰিছে৷ বাকী সকলো মেচতে জয়ী হ’লে ৰিয়েলে সৰ্বাধিক ৮৩ পইণ্ট লাভ কৰিব। বাকী সকলো মেচতে যদি এটলেটিকো জয়ী হয় তেন্তে তেওঁলোকৰ ৮৪ পইণ্ট হ’ব। আৰু এখন মেচত জয়ী হ’লে বার্চিলোনাই লাভ কৰিব ৮৫ পইণ্ট৷ তেনে ক্ষেত্ৰত আন কোনেও সেই পইণ্ট স্পৰ্শ কৰিব নোৱাৰে।
বুধবাৰে যদি কাডিজক পৰাস্ত কৰে তেন্তে এটলেটিকোৱে ৰিয়েলক অতিক্ৰম কৰি দ্বিতীয় স্থানলৈ আগবাঢ়িব। শনিবাৰে অছাছুনাৰ বিৰুদ্ধে কোপা ডেল ৰেৰ ফাইনেলত নামিব ৰিয়েলে।