ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক দুখজনক খবৰ ৷ভৰিত পোৱা আঘাতৰ বাবে শুকুৰবাৰে কমনৱেলথ গেমছৰ ৪৮ কিলোগ্ৰাম ট্ৰায়েলৰ মাজতে নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে অভিজ্ঞ আৰু জনপ্ৰিয় ভাৰতীয় বক্সাৰ এম চি মেৰী কম। ৪৮ কিলোগ্ৰাম ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হচাপে পৰিগণিত হোৱা খেলুৱৈগৰাকীৰ খেল প্ৰত্যাহাৰৰ লগে লগে হাৰিয়ানাৰ নীতুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে যোৱা কমনৱেলথ গেমছৰ (২০১৮) স্বৰ্ণ পদক বিজয়ী মেৰী কম বাউটৰ প্ৰথম ৰাউণ্ডত ৰিঙত পৰিছিল।
তথাপিও ৩৯ বছৰীয়া বক্সাৰগৰাকীয়ে নিজৰ সমস্ত শক্তিৰে উঠি প্ৰতিযোগিতা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অলপ পিছতে তেওঁৰ ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হ’ল আৰু বাওঁ ভৰি সাৱটি বহি পৰে মেৰী কম। তাৰ পিছত তেওঁ ৰিঙৰ বাহিৰলৈ যাব লগা হয় আৰু ৰেফাৰীয়ে নীতুক বিজয়ী ঘোষণা কৰে। এগৰাকী সফল ভাৰতীয় বক্সাৰ এম চি মেৰী কমে অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত মনোনিবেশ কৰিবৰ বাবেই বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ পৰাও নাম প্ৰত্যাহাৰ কৰিছিল।