দেশৰ জাৰ্চিত পুনৰ উজলি উঠিছে লিয়নেল মেছি। দেশৰ মাটিত দ্বিতীয়খন প্ৰদৰ্শনীমূলক মেচতো তেওঁ উংকৃষ্ট প্ৰদর্শন কৰিলে ৷ কুৰাছাৱাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত তেওঁ হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে মেছিয়ে আন এক নজিৰ গঢ়ি তুলিলে। দেশৰ জাৰ্চিত ১০০টা গ’ল দি এই নজিৰ গঢ়ে । কোনো দেশৰ হৈ ১০০ টা গ’ল দিয়া বিশ্বৰ তৃতীয়জন ফুটবলাৰ হিচাপে তেওঁ এই নজিৰ গঢ়িছে। তালিকাৰ প্ৰথম স্থানত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। তেওঁৰ পিছত ইৰাণৰ আলী দেই। মেছিয়ে এই দুয়োজন খেলুৱৈক স্পৰ্শ কৰিলে। বুধবাৰে পুৱাৰ খেলখনত আৰ্জেণ্টিনাই কুৰাচাওক ৭-০ গ’লত পৰাস্ত কৰে।
খেলখনৰ ২০ মিনিটৰ ভিতৰতে মেচখনৰ প্ৰথমটো গ’ল আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ১০০তম গ’লটো দিয়ে মেছিয়ে। পেনাল্টি বক্সৰ ভিতৰত জিওভানি ল’ৱে চেলছ’ৰ পাছ লাভ কৰে। ইয়াৰ পিছত কুৰাছাৱাৰ দুজন ডিফেণ্ডাৰক পৰাস্ত কৰি বলটো তেওঁ নেটত সোমাই দিয়ে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰোনাল্ডোৰ গ’লৰ সংখ্যা ১২২টা ৷ আলীয়ে ১০৯টা গ’ল দিয়ে। মেছিৰ গ’লৰ সংখ্যা ১০২টা ৷
দুৰ্বল কুৰছাৱাৰ বিৰুদ্ধে আৰ্জেণ্টিনাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমাৰ্ধত মেছিয়ে হেট্ৰিক কৰে। অৱশ্যে দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক অলপ লঘু খেলা দেখা গ’ল। প্ৰদৰ্শনীমূলক খেলখনৰ প্ৰথমাৰ্ধত আধিপত্য প্ৰদৰ্শন কৰাৰ পিছত দ্বিতীয়াৰ্ধত মেছিয়ে অতিৰিক্ত কষ্ট কৰিব বিচৰা নাছিল। অৱশ্যে আৰ্জেণ্টিনাৰ দৰ্শক দলটোৰ প্ৰদৰ্শনত উৎসাহিত হৈ পৰে।