আমেৰিকান ক্লাব ইণ্টাৰ মিয়ামিৰ হৈ দ্বিতীয়খন মেচত নজিৰ গঢ়িলে লিয়নেল মেছিয়ে। তেওঁ নিজৰ কেৰিয়াৰত দেশ আৰু ক্লাবকে ধৰি বিভিন্ন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ১০০টা গ’ল দিয়াৰ নতুন নজিৰ গঢ়ে।
মেজৰ ছকাৰ লীগ ক্লাবটোৰ হৈ মেছিয়ে দুখন মেচত তিনিটা গ’ল দিয়ে। ক্ৰুজ আজুলৰ বিৰুদ্ধে অভিষেক মেচত খেলখনৰ একেবাৰে শেষ মুহূৰ্ততে পেনাল্টি স্পটৰ পৰা গ’ল দিয়ে তেওঁ । পৰৱৰ্তী মেচত আটলান্টা ইউনাইটেডৰ বিৰুদ্ধে প্ৰথমাৰ্ধত মেছিয়ে দুটা গ’ল দিয়ে। পিছত আন এটা গ’ল দিয়ে মেছিয়ে। আটলাণ্টাৰ বিৰুদ্ধে গ’ল দি মেছিয়ে নজিৰ গঢ়ি তোলে ৷
২০০৪–০৫ ছিজনত আলবাচেটেৰ বিৰুদ্ধে বাৰ্চিলোনাৰ হৈ মেছিয়ে কেৰিয়াৰৰ প্ৰথমটো গ’ল দিছিল। ৮৭ মিনিটত তেওঁ বিকল্প হিচাপে খেলপথাৰত সোমাই গ’লকীপাৰৰ মূৰৰ ওপৰেৰে ৰ’নাল্ডিনহ’ৰ পাছৰ পৰা গ’ল দিছিল । বাৰ্চিলোনাৰ মূল দলৰ হৈ খেলাৰ পূৰ্বে মেছিয়ে গ্ৰেণ্ডোলি, নিউৱেল অল্ড বয়ছ আৰু বাৰ্চিলোনাৰ যুৱ দলৰ হৈ খেলিছিল। ২০০৩ চনত বাৰ্চিলোনা চি দলৰ হৈ ১০খন খেলত ৫টা গ’ল দিছিল। বাৰ্চিলোনাৰ বি দলৰ হৈ ২২খন খেলত ৬টা গ’ল দিয়ে। ২০০৩ চনৰ ১৬ নৱেম্বৰত বাৰ্চিলোনাৰ ছিনিয়ৰ দলত অভিষেক ঘটে মেছিৰ। কিন্তু প্ৰথমটো গ’ল পাবলৈ আৰু এবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল ৷
২০২১ চনলৈকে মেছিয়ে বাৰ্চিলোনাৰ হৈ খেলিছিল। এই সময়ছোৱাত স্পেনিছ ক্লাবটোৰ হৈ মেছিয়ে ৫২০খন খেলত ৪৭৪টা গ’ল দিয়ে। বাৰ্চিলোনাৰ হৈ মেছিয়ে মুঠ ৩৪ টা ট্ৰফী লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ১০খন লা লিগছ, ৪খন চেম্পিয়নছ লীগ আৰু ৭খন কোপা ডেল ৰেইছ। তাৰ লগতে লিঅ’ই তিনিটা ক্লাব বিশ্বকাপ, তিনিটা ইউএফএ ছুপাৰ কাপ আৰু ৭টা স্পেনিছ ছুপাৰ কাপও লাভ কৰে। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটাও লাভ কৰে।