সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যতো পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই উপলক্ষে আজি নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্যে পুৱাই উলিওৱা হয় চাইকেল ৰেলী ৷ ৰেলীৰ ফ্লেগ অফ কৰে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷
ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পুৱা ৫ বজাত জনতা ভৱনৰ গেটৰ সন্মুখৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল ৰেলী আৰু ফিটনেছ ৱাক অনুষ্ঠিত কৰা হয় । নেহৰু ষ্টেডিয়ামত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ থলুৱা খেল অনুষ্ঠিত হয় ৷ নেহৰু ষ্টেডিয়ামত ঢোপ খেল, কেটেপা, আর্চাৰী আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইপিনে টেকেলি ভঙা, অলং-দলং,ঘিলা,পেং, কুকুৰা যুঁজ আদিৰ প্ৰদর্শনীমূলক খেল অনুষ্ঠিত হয় ৷
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত বিভিন্ন ধৰণৰ খেল-ধেমালি আয়োজন কৰা হয় ৷