VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নদী কাটি অবৈধভাৱে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰাৰ অপৰাধত পুনৰ জৰিমনা নেইমাৰক

voicedesk by voicedesk
June 26, 2023
in ক্ৰীড়া
নদী কাটি অবৈধভাৱে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰাৰ অপৰাধত পুনৰ জৰিমনা নেইমাৰক
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অবৈধ নিৰ্মাণৰ অপৰাধত দ্বিতীয়বাৰৰ বাবে জৰিমনা বিহা হৈছে তাৰকা ফুটবলাৰ নেইমাৰক। ইয়াৰ পূৰ্বেও ব্ৰাজিলৰ ফুটবল তাৰকাগৰাকীয়ে ৮ কোটি টকা জৰিমনা ভৰিবলগীয়া হৈছিল। কিন্তু ব্ৰাজিলৰ পৰিৱেশ মন্ত্ৰালয় ইয়াতেই ক্ষান্ত নাথাকিল। নেইমাৰক পুনৰবাৰ জৰিমনা বিহিছে তেওঁলোকে। অৱশ্যে এইবাৰ কিমান টকা দিব লাগিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। ঘৰ নিৰ্মাণৰ সময়ত তেওঁ পৰিৱেশৰ কিমান ক্ষতি কৰিছে তদন্ত কৰি জৰিমনাৰ পৰিমাণৰ বিষয়ে অৱগত কৰা হ’ব।

 

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ বাহিৰৰ মাংগাৰাটিবা নামৰ ঠাইত নেইমাৰৰ ঘৰৰ আকাৰ  ১০ হাজাৰ বৰ্গমিটাৰতকৈও অধিক। ২০১৬ চনত তেওঁ ঘৰটো কিনিছিল। কিন্তু সেই ঘৰটোত তেতিয়াৰ পৰাই বহু নিৰ্মাণৰ কাম চলি আছে। নির্মাণৰ কামৰ সময়ত নেইমাৰে পৰিৱেশৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে।

 

ব্ৰাজিলৰ পৰিৱেশ মন্ত্ৰালয়ে এটা তদন্তকাৰী দল গঠন কৰে। সমগ্ৰ ঘটনাৰ ওপৰত তেওঁলোকে তদন্ত কৰি আছে ৷ তদন্তত প্ৰকাশ পোৱা অনুসৰি নেইমাৰে এখন নদী কাটি এটা কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। তাৰ বাবে তেওঁ অবৈধভাৱে খনন চলাব লগীয়া  হৈছিল। ইয়াৰ বাহিৰেও তেওঁ বালি পেলাই এটা কৃত্ৰিম বিল নিৰ্মাণ কৰিছিল। এই কামৰ ফলত তাত থকা পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পৰিছে বুলি তদন্তকাৰীসকলে কয়। সম্পূৰ্ণ তদন্তৰ অন্তত নেইমাৰক এই জৰিমনা সন্দৰ্ভত অৱগত কৰা হ’ব।

 

নেইমাৰক পৰিবেশ মন্ত্ৰালয়ে অবৈধ নিৰ্মাণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু সেই নির্দেশ তেওঁ অৱজ্ঞা কৰাৰ অভিযোগ উঠিছে। তাৰ পৰিৱৰ্তে সেই ঘৰতে পাৰ্টিৰ আয়োজন কৰিলে। ফলত ব্ৰাজিল প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জনা যায় যে তেওঁ জৰিমনা আদায় দিবলৈ সন্মত হৈছে ৷

 

কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত নেইমাৰে ভৰিৰ গোৰোহাত আঘাত পাইছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ খেলপথাৰত প্ৰৱেশ কৰা নাই। নেইমাৰৰ সোঁ ভৰিৰ গোৰোহাত অস্ত্ৰোপচাৰ কৰা হয়। বৰ্তমান তেওঁ আঘাতৰ পৰা সুস্থ হৈছে ৷ ইফালে তেওঁ পেৰিছ এৰি যোৱাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Previous Post

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

Next Post

নেপালৰ শ শ যুৱকে যোগদান কৰিছে ৰাছিয়াত, তেওঁলোকে কিয় লৈছে পুটিনৰ বাবে অস্ত্ৰ ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
নেপালৰ শ শ যুৱকে যোগদান কৰিছে ৰাছিয়াত, তেওঁলোকে কিয় লৈছে পুটিনৰ বাবে অস্ত্ৰ ?

নেপালৰ শ শ যুৱকে যোগদান কৰিছে ৰাছিয়াত, তেওঁলোকে কিয় লৈছে পুটিনৰ বাবে অস্ত্ৰ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7