নিউজিলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব পাৰে ৷ সেই শৃংখলাত ছাকলিন মুস্তাকক নিউজিলেণ্ড দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক দলত আনি নিউজিলেণ্ডে সেই দেশত খেলখন উন্নত ধৰণেৰে খেলাৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব। এই ছিৰিজত কিৱি দলটোক নেতৃত্ব দিব টম লেথামে।
নিউজিলেণ্ড দলৰ প্ৰশিক্ষক গেৰী ষ্টীডে কয় যে মুস্তাকক দলত অন্তৰ্ভুক্ত কৰা উচিত। প্ৰশিক্ষকগৰাকীয়ে কয়, ‘মুস্তাকৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰে আমাক অধিক শক্তি প্ৰদান কৰিব। পাকিস্তানৰ পৰিস্থিতি বুজিবলৈ আমাৰ বাবে মুস্তাক গুৰুত্বপূৰ্ণ। লগতে আমাৰ দলৰ স্পিন বলিঙৰ উন্নতি হ’ব যদিহে আমাৰ হাতত মুস্তাক থাকে।’
আই পি এলৰ প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল কেন উইলিয়ামছন। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ হৈ খেলি থকাৰ সময়ত তেওঁৰ আঁঠুত আঘাত পাইছিল। তেওঁ আই পি এলত খেলিব নোৱাৰে। তেওঁৰ ঠাইত লাথামে নেতৃত্ব দিব। নিউজিলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া খেলিব। ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই ছিৰিজ ৷
যোৱা বছৰ পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ গৈছিল। । ষ্টীডে কয়, ‘যোৱা ছিজনত আমি পাকিস্তানৰ বিৰুদ্ধে কেইবাখনো মেচ খেলিছিলো। যিখন দেশত খেলি নাথাকক কিয়, পাকিস্তান সদায় এটা শক্তিশালী দল। এদিনীয়া বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে খেলিলে আমাৰ অভিজ্ঞতা বৃদ্ধি পাব। আমাৰ ক্ৰিকেটাৰসকলে বহু কথা শিকিব পাৰে। যিটো বিশ্বকাপৰ বছৰত বহুত প্ৰয়োজনীয়।”