পেৰিছ এৰি যাব বিচাৰিছে নেইমাৰে। ইতিমধ্যে ফ্ৰান্সৰ ক্লাব এৰি ইণ্টাৰ মিয়ামীত যোগদান কৰিছে লিয়নেল মেছিয়ে। কাইলিয়ান এমবাপেও অনুশীলনলৈ নাহি এক প্ৰকাৰৰ বিদ্ৰোহ ঘোষণা কৰিছে। এনে পৰিস্থিতিত ব্ৰাজিলৰ তাৰকাগৰাকীয়ে দল এৰিব বিচাৰে। বাৰ্চিলোনালৈ ঘূৰি আহিব বিচাৰিছে নেইমাৰে ৷
৬ বছৰ ধৰি পেৰিছ ক্লাবত খেলি আছে নেইমাৰে। ফ্ৰান্সৰ এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁ ট্ৰেন্সফাৰ ছিজন শেষ হোৱাৰ পূৰ্বে (৩১ আগষ্ট) পি এছ জি এৰিব বিচাৰিছে। ২০১৭ চনত বাৰ্চিলোনা এৰি নেইমাৰ এই ক্লাবলৈ আহিছিল। কিন্তু যোৱা মে’ মাহত পি এছ জিৰ অনুৰাগীয়ে তেওঁৰ বাসগৃহ ঘেৰাও কৰি তাচ্চিল্য কৰা কার্যত অসন্তুষ্ট হৈ পৰিছে ৷ ইয়াৰ পিছতে তেওঁ পি এছ জি এৰি যোৱাৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। পি এছ জিয়েও তেওঁক ৰাখিবলৈ অনিচ্ছুক বুলিও চৰ্চা চলিছিল। কিন্তু পি এছ জিয়ে মেছিক ৰখাৰ বাবে নেইমাৰক এৰি দিয়াৰ পৰিকল্পনা কৰিছিল। এতিয়া মেছি নোহোৱাৰ বাবে ফ্ৰান্সৰ ক্লাবটোৱে নেইমাৰক ৰখাত কোনো সমস্যা নাই। কিন্তু নেইমাৰে নিজেই থাকিবলৈ অমান্তি প্ৰকাশ কৰিছে ৷
আনহাতে, পেৰিছ চেণ্ট জাৰ্মেইন কৰ্তৃপক্ষই এমবাপেক অনুশীলন কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে। এতিয়া ক্লাবৰ অতিৰিক্ত ফুটবলাৰৰ সৈতে প্ৰশিক্ষণ লৈ আছে এমবাপেই। সতীৰ্থসকলৰ ওপৰত ক্ষুব্ধ হৈ এমবাপে কয় যে যিকোনো প্ৰতিযোগিতামূলক মেচত ক্লাবৰ প্ৰথম দলটোক পৰাস্ত কৰাৰ ক্ষমতা তেওঁলোকৰ আছে।
২০২৪ চনৰ আগষ্টলৈকে এমবাপেৰ সৈতে পি এছ জিৰ চুক্তি আছে। ফ্ৰান্সৰ ক্লাবটোৱে তেওঁৰ চুক্তি আৰু ১২ মাহৰ বাবে বৃদ্ধি কৰিব বিচাৰিছে। ক্লাবৰ এই প্ৰস্তাৱত এমবাপে একমত নহয়। চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁ নতুন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে। কেইবাবাৰো আলোচনাৰ অন্তত দুয়োপক্ষৰ মাজত একমত হোৱা নাছিল। এমবাপেৰ মনোভাৱক লৈ অসন্তুষ্ট পি এছ জি কৰ্তৃপক্ষ। জাপান আৰু দক্ষিণ কোৰিয়াত প্ৰি-ছিজন ভ্ৰমণৰ অন্তত সোমবাৰৰ পৰা অনুশীলন আৰম্ভ কৰে পি এছ জিয়ে। প্ৰশিক্ষক লুইছ এনৰিকে প্ৰথম দলৰ ফুটবলাৰসকলক প্ৰশিক্ষণ দিব। কিন্তু ২৪ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীৰ বাবে অনুশীলনৰ দুৱাৰ বন্ধ থাকিব। তেওঁ ৰাতিপুৱা অতিৰিক্ত ফুটবলাৰৰ সৈতে অনুশীলন কৰিব লাগিব। পি এছ জি কৰ্তৃপক্ষই এমবাপেক মূল দলৰ সৈতে প্ৰি-ছিজন ভ্ৰমণলৈও লৈ যোৱা নাছিল।
নেইমাৰে পুনৰ বার্চিলোনা ক্লাবলৈ ঘূৰি আহিব বিচাৰে। অৱশ্যে বাৰ্চিলোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নেইমাৰক ক্ৰয় কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।