ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে পৰাস্ত হৈ বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হ’ল ৫ বাৰকৈ বিশ্ব চেম্পিয়ন ব্ৰাজিলে ৷ টাইব্ৰেকাৰত পৰাস্ত হোৱাৰ পাছতে কালি নিশা কান্দোনত ভাগি পৰা দেখা গ’ল তাৰকা ফুটবলাৰ নেইমাৰক। সতীর্থ কেচেমিৰ’ই তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰে যদিও চকুলো টুকি টুকিয়েই খেলপথাৰৰ পৰা বিদায় ল’বলগীয়া হয় নেইমাৰে । ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে পেনাল্টিত পৰাস্ত হৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ব্ৰাজিল। ইয়াৰ পিছতে নেইমাৰে অৱসৰৰ বিষয়ে ইংগিত প্ৰদান কৰে ৷ ২০২২ চনৰ বিশ্বকাপৰ পৰা নিজৰ দলটো বাহিৰ হোৱাৰ পিছত ব্ৰাজিলৰ হৈ যৌথ অগ্ৰণী গ’লদাতাগৰাকীয়ে কয়, “মই জাতীয় দলৰ কোনো দুৱাৰ বন্ধ কৰা নাই, কিন্তু মই ঘূৰি অহাৰ ১০০ শতাংশ নিশ্চয়তাও দিয়া নাই। মোৰ বাবে আৰু জাতীয় দলৰ বাবে কি উপযুক্ত সেই বিষয়ে অলপ বেছি চিন্তা কৰিব লাগিব ।’
শুকুৰবাৰে নিশা এডুকেশ্যন চিটি ষ্টেডিয়ামত পেনাল্টিত ২-৪ গ’লত পৰাস্ত হৈ নেইমাৰক মাটিত বাগৰি বাগৰি কন্দা দেখা গৈছিল। সতীৰ্থ থিগো ছিলভাই আহি তেওঁক বুজনি দিবলৈ চেষ্টা কৰে। নেইমাৰে বিশ্বাস কৰিব পৰা নাছিল যে ব্ৰাজিল পৰাস্ত হৈছে। কোনেও বিশ্বাস কৰিব পৰা নাছিল যে মাত্ৰ ১৫ মিনিটতে ব্ৰাজিলৰ সকলো যুঁজ শেষ হৈ গ’ল।
ব্ৰাজিলৰ হৈ ৭৭ সংখ্যক গ’ল দি নেইমাৰে নতুন অভিলেখ ৰচনা কৰে ৷ তেওঁ বিশ্ববিশ্ৰুত ফুটবলাৰ পেলেৰ সৈতে সমতা স্থাপন কৰে । কিন্তু সেই সুখ বেছি সময় নাথাকিল। নেইমাৰে ৰড্ৰিগো আৰু পেড্ৰ’ৰ সৈতে পাছ খেলি গ’লৰ পথ মুকলি কৰে। ২০১৯ চনত তেওঁ কোপা আমেৰিকা জয় কৰিছিল। কিন্তু তেওঁ বিশ্বকাপ জয় কৰা নাই। তিনিবাৰকৈ বিশ্বকাপ খেলাৰ পিছতো ট্ৰফী হাতত তুলি লোৱাৰ সুযোগ নাপালে নেইমাৰে ৷ কিন্তু ইয়াৰ পিছত তেওঁ পুনৰ কেতিয়া ব্ৰাজিলৰ জাৰ্চি পিন্ধি খেলিব সেয়া স্পষ্ট হোৱা নাই। নেইমাৰে বিশ্বাস কৰিব পৰা নাছিল যে ক্ৰ’ৱেচিয়াই তেওঁলোকক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব।