মল্লযুঁজাৰুৰ শান্তিপূৰ্ণ প্ৰতিবাদক লৈ দিল্লী আৰক্ষী প্ৰশাসনে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এতিয়াৰে পৰা দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে ধৰ্ণা দিব নোৱাৰিব। দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী দিনটোত প্ৰতিবাদী মল্লযুঁজাৰুসকলে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে। অৱশ্যে সমদল আৰম্ভ হোৱাৰ পূৰ্বে দিল্লী আৰক্ষীয়ে বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফ’গাটৰ দৰে মল্লযুঁজাৰুক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ পিছত নতুন নিয়মাৱলী জাৰি কৰা হৈছে।
ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে দেওবাৰে নতুন সংসদ ভৱনৰ সন্মুখত ‘মহিলা মহাপঞ্চায়ত’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু সংসদ ভৱনৰ অভিযানৰ পূৰ্বে তেওঁলোকক আইন-শৃংখলা ভংগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো আইন-শৃংখলা উলংঘা কৰে। দিল্লী আৰক্ষীৰ উপ আয়ুক্তই ছ’চিয়েল মিডিয়াত কৈছে যে, “যদি মল্লযুঁজাৰুসকলে পুনৰ প্ৰতিবাদৰ বাবে আবেদন কৰে তেন্তে তেওঁলোকক যন্তৰ মন্তৰৰ বাহিৰে আন যিকোনো ঠাইত প্ৰতিবাদৰ অনুমতি দিয়া হ’ব।“ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে দিল্লী আৰক্ষী। যদিও যন্তৰ মন্তৰ প্ৰতিবাদ, আন্দোলনৰ স্থান হিচাপে পৰিচিত।
দেওবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে মল্লযুজাৰুসকলক আৰক্ষীৰ বাহনত উঠাই নিয়াৰ ভিডিঅ’। এই সন্দৰ্ভত বিজেন্দ্ৰ সিং, নীৰজ চোপ্ৰা, সুনীল ছেত্ৰীৰ দৰে ক্ৰীড়াবিদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰে। ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আহিছে । দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন অনুষ্ঠানতো উপস্থিত থাকে ব্ৰিজভূষণ।