চলিত বিশ্বকাপত ভাৰতে ৰাউণ্ড ৰবিন পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোনো দলেই তেওঁলোকৰ সন্মুখত টিকি থাকিব নোৱাৰিলে। কিন্তু ছেমি ফাইনেলত অপেক্ষা কৰি আছে ভাৰতৰ আটাইতকৈ কঠিন মেচ। সন্মুখত শক্তিশালী নিউজিলেণ্ড ৷ যাৰ হাতত ভাৰতে যোৱাবাৰ পৰাস্ত হৈছিল। কিন্তু কেৱল সেয়াই নহয়, পৰিসংখ্যাই দেখুৱাইছে যে এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ অভিলেখ ভাল নহয়। মুঠ ৭ বাৰ অন্তিম চাৰিটাত প্ৰৱেশ কৰিছে যদিও সেই পৰ্যায় অতিক্ৰম কৰি মাত্ৰ তিনিবাৰহে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে । অৰ্থাৎ সফলতাৰ হাৰ আধাতকৈও কম। তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰি দুবাৰকৈ ট্ৰফী লাভ কৰিছে ভাৰতে। অৰ্থাৎ ভাৰত যদি ফাইনেললৈ যায় তেন্তে ট্ৰফী জয়ৰ সম্ভাৱনা অতি বেছি।
প্ৰথম দুখন বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ভাৰত। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। কপিল দেৱৰ অধিনায়কত্বত ভাৰতে আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল। ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ট্ৰফী জয় কৰিছিল ৷
পৰৱৰ্তী বিশ্বকাপতো ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু তেওঁলোকে ইংলেণ্ডৰ হাতত পৰাজিত হয় ৷ ১৯৯২ চনত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। ১৯৯৬ চনত তেওঁলোকে পুনৰ ছেমি ফাইনেলত খেলিছিল। সেই মেচখন হৈছিল কলকাতাৰ ইডেন গাৰ্ডেনত। সেইবাৰো ব্যর্থ হয় ভাৰত ৷ ১৯৯৯ চনৰ বিশ্বকাপৰ পৰা ভাৰতে ছুপাৰ ছয়ত বাহিৰ হৈছিল। ২০০৩ চনত পুনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত বেয়াকৈ পৰাস্ত হয় ভাৰত।
২০০৭ চনৰ বিশ্বকাপ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ বেয়া সময়। ভাৰত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত বাহিৰ হয়। ২০১১ চনৰ বিশ্বকাপত ভাৰতে পুনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। সেইবাৰ মুখামুখি হৈছিল প্ৰচণ্ড শত্ৰু পাকিস্তানৰ। মোহালীৰ সেই মেচখনত দুয়োখন দেশৰ ৰাষ্ট্ৰপতি দুগৰাকী গেলেৰীত আছিল। ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গীলানী। সেইবাৰ ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ট্ৰফী লাভ কৰে।
২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰিছিল ভাৰত। সেইবাৰ আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি পৰাজিত হয় ।২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতো ভাৰতৰ বাবে অতি দুখজনক। এইবাৰ প্ৰতিদ্বন্দ্বী আছিল নিউজিলেণ্ড। বৰষুণৰ বাবে দুদিন ধৰি খেলখন চলিছিল। কিন্তু পৰাজিত হয় ৷ সেয়েহে এইবাৰ ছামিফাইনেলক লৈ উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ ৷ হাইফল্টেজ মেচখনলৈ অপেক্ষা কৰিছে সকলোৱে ৷