কাটাৰ বিশ্বকাপত ফ্ৰান্সৰ হৈ অভিলেখ ৰচনা কৰিলে অলিভিয়াৰ জিৰ’ডে ৷ গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ’ল দি তেওঁ বিশ্বকাপত গ’ল দিয়া আটাইতকৈ বয়সীয়াল ফুটবলাৰ হিচাপে পৰিগণিত হয়। এইবাৰ তেওঁ ফ্ৰান্সৰ হৈ অধিকাংশ গ’ল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগে লগে ভংগ হ’ল থিয়ৰী হেনৰীৰ অভিলেখ।
ইমান দিনে ফ্ৰান্সৰ হৈ হেনৰীয়ে সৰ্বাধিক গ’ল দিছিল। তেওঁ ৫১টা গ’ল দি অভিলেখ ৰচনা কৰিছিল ৷পোলেণ্ডৰ বিৰুদ্ধে গ’ল দি সেই নজিৰ ভংগ কৰিলে অলিভিয়াৰ জিৰ’ডে। এই পৰ্যন্ত ফ্ৰান্সৰ হৈ অলিভিয়াৰ জিৰ’ডে ৫২টা গ’ল কৰিছে। পোলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ফ্ৰান্সে। অৰ্থাৎ তেওঁৰ গ’লৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ পোলেণ্ডৰ বিৰুদ্ধে ফ্ৰান্সে জিৰণিৰ ঠিক আগতে অলিভিয়াৰ জিৰ’ডৰ গ’লেৰে অগ্ৰগতি লাভ কৰে।এই বিশ্বকাপত এয়া তেওঁৰ তৃতীয়টো গ’ল।
এই বিশ্বকাপত ফ্ৰান্সে বিশ্ব চেম্পিয়নৰ দৰে খেলিছে। ডিডিয়েৰ ডেশ্বাম্পছৰ দলটোৱে পোলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অলিভিয়াৰ জিৰ’ডৰ বাহিৰেও ফ্ৰান্সৰ হৈ বাকী দুটা গ’ল দিয়ে কাইলিয়ান এমবাপে। ৭৪ মিনিটত তেওঁ প্ৰথমটো গ’ল দিয়ে।