VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চানমাৰীত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

কিতাপে প্ৰতিজন মানুহৰে ভোক নিবাৰণ কৰিব পাৰে : ড০ জয়শ্ৰী গোস্বামী মহন্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in মুখ্য সংবাদ
চানমাৰীত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

৪ডিচেম্বৰ,দেওবাৰে  গুৱাহাটী মহানগৰীৰ  চানমাৰীৰ পেঞ্চনাৰ ভৱনত ৰাজ্যৰ এক অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক (কলা শাখা)ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ ‘টাইমছ উইংগদ চেৰিয়ট’ (Time’s Winged Chariot)   শুভ-উন্মোচন  কৰা হয় । জীৱনী ডেকাৰ বৰগীত পৰিবেশনৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি পদ্মশ্ৰী সন্মান প্ৰাপক বিশিষ্ট কবি-সাহিত্যিক ড০ ৰোমান শৰ্মাই কয় যে  কবিসকল ভৱিষ্যতৰ দ্ৰষ্টা । কবিয়ে বহু দূৰলৈ চিন্তা কৰিব পাৰে । সেইদৰে এটি শিশু বা কিশোৰেও বহু কথা ভাবিব পাৰে, চিন্তা কৰিব পাৰে ।

আনহাতে কাব্যগ্ৰন্থখনি উন্মোচন কৰি “অসমীয়া প্ৰতিদিন” কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে কয়  যে গ্ৰন্থ প্ৰতিজন বিদ্বান- জ্ঞানবান মানুহৰে বিশ্বস্ত সংগী । গ্ৰন্থৰ আদৰ-সাদৰ যুগে -যুগে থাকিব । গ্ৰন্থৰ লগত সংপৃক্ত থকা লোকসকল সদায় মাধুৰ্য মণ্ডিত হয় । পৃথিৱীত প্ৰতিদিনে কোটিৰ ঘৰত গ্ৰন্থ বিক্ৰী হয় । অসমতো গ্ৰন্থৰ চাহিদা দিনক দিনে বাঢ়িছে । ‘পৰাগজ্যোতি প্ৰকাশন’ৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই আঁত ধৰা এই সভাত মুখ্য  অতিথি হিচাপে উপস্থিত থকা অপৰাধ অনুসন্ধান শাখা, গুৱাহাটীৰ আৰক্ষী অধীক্ষক জয়শ্ৰী খেৰছাই কয় যে এঞ্জেলিনা দাসে আমাক আৰু চিন্তা কৰিবলৈ শিকালে । কবিতাৰে সমাজৰ কথা, প্ৰকৃতিৰ কথা সুন্দৰকৈ উপস্থাপন কৰিছে । সভাত উপস্থিত  ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্টা লেখিকা ড০ জয়শ্ৰী গোস্বামী মহন্তই বিশিষ্ট অতিথিৰ ভাষণত কয়- ”একোখন কিতাপে প্ৰতিজন মানুহৰে ভোক নিবাৰণ কৰিব পাৰে । সুখৰ অনুভূতিবোৰ জাগ্ৰত কৰিব পাৰে । কবি-লেখকৰ দায়িত্ব অনেক । এঞ্জেলিনা দাসে আমাৰ হৃদয় জোকাৰি দিলে । ভাবো অন্য মানুহ- যিয়ে কবিগৰাকীৰ কাব্যগ্ৰন্থখন পঢ়িব সকলোৰে মন-মগজু চুই যাব ।”

সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা  বিশিষ্ট কবি, লেখক কিশোৰ কুমাৰ জৈনে কয় যে সমকালিন চিন্তাধাৰাৰ সাহিত্য সৃষ্টিৰ ওপৰত গুৰুত্ব দিব লাগে আৰু  অনুবাদ সাহিত্যৰ ওপৰতো গুৰুত্বাৰোপ কৰিব লাগে । অসমীয়া সাহিত্য বহুত আগবঢ়া । ভাৰতৰ বহু ভাষাতকৈ অসমীয়া সাহিত্য বহু উন্নত । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে  প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা কবি শচীন দাস, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ ধ্ৰুৱজ্যোতি দাস, সন্মানীয় অতিথি হিচাপে থাকে  ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, বৰাকৰ শিলচৰ নৰ্মাল স্কুলৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মানসী সিনহা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা হাজৰিকা, “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহা, বৰপেটা জিলা বহুভাষিক কবি সন্মিলনৰ সভাপতি মৌলানা জাহিদুল ইছলাম, গল্পকাৰ ভৱ ডেকা, গুৱাহাটীৰ উপ-আৰক্ষী অধীক্ষক ঘনশ্যাম চৌধুৰী, অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব অৰুণ শৰ্মা , প্ৰাক্তন সমাজ কল্যাণ বিষয়া শিখাৰাণী শৰ্মা  আদি৷ লগতে  কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ঋতুৰাজ শইকীয়া, উপ-সভাপতি ত্ৰিদীপ ভাগৱতীয়েও এই সভাত  অংশ লয় । সভাত  বেগম ৰুণা লাইলা মজুমদাৰ (গৰৈমাৰী, ছয়গাৱ), ৰুই বৰা ( তেজপুৰ), কণিকা বুজৰবৰুবাই (ৰঙিয়া) গীত পৰিবেশন কৰাৰ লগতে   শিশু  শিল্পী কস্তুৰি কলিতাই নৃত্য পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে ।

Previous Post

পোলেণ্ডৰ বিৰুদ্ধে গ’ল কৰি বিশ্বকাপত নতুন অভিলেখ ৰচিলে ফৰাচী ফুটবলাৰ অলিভিয়াৰ জিৰ’ডে, কাৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিলে ফুটবলাৰজনে ?

Next Post

সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?

সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7