VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 13, 2023
in ক্ৰীড়া
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ঋষভ পন্ত কিমান দিনৰ ভিতৰত সুস্থ হৈ উঠিব সেয়া নিশ্চিতভাৱে প্ৰকাশ কৰা নাই চিকিৎসকে। তেওঁৰ সোঁ ভৰিৰ আঁঠুৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ সফল হয়। সোঁ ভৰিৰ গোৰোহাতো অস্ত্ৰোপচাৰ কৰা হৈছে। অৱশ্যে মুম্বাই হাস্পতাল কৰ্তৃপক্ষই পন্তৰ খেলপথাৰলৈ ঘূৰি অহাৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ ইচ্ছুক নহয়।

কেইদিনমান পিছত ডাক্তৰে তেওঁক খোজ কঢ়াবলৈ চেষ্টা কৰিব। যদি তেওঁ খোজ কাঢ়িব পাৰে তেনেহ’লে তেওঁৰ সুস্থ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ মুম্বাইৰ চিকিৎসালয়খনে কয় , “যদি তেওঁ খোজ কাঢ়িব পাৰে, তেন্তে চিকিৎসকে পন্তৰ আৰোগ্যৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। প্ৰথমে তেওঁ আনৰ সহায়ত খোজ কাঢ়িব লাগিব। ইয়াৰ পিছত কোনো ধৰণৰ সহায় নোহোৱাকৈ খোজ কাঢ়িব পাৰিব। সম্পূৰ্ণ সুস্থ হ’বলৈ তেওঁক বিশেষ পদ্ধতিৰ প্ৰয়োজন।” পন্তৰ আঁঠুৰ দুয়োটা লিগামেণ্ট ক্ষতিগ্ৰস্ত হোৱাৰ বাবে চিকিৎসকসকল  চিন্তিত হৈ পৰিছে । অস্ত্ৰোপচাৰ সফল হ’লেও তেওঁ কিমান দিন স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰিব সেই বিষয়ে আশ্বাস দিবলৈ সাজু নহয় চিকিৎসক।

 

চিকিৎসালয়খনৰ মতে, “পন্তৰ আৰোগ্যৰ সময়  নিৰ্ভৰ কৰিব তেওঁ কিমান কষ্ট সহ্য কৰিব পাৰে তাৰ ওপৰত।এজন উইকেটকীপাৰৰ দুয়োটা লিগামেণ্ট ক্ষতিগ্ৰস্ত হোৱাটো অতি চিন্তনীয়।এই লিগামেণ্টে আঁঠুৰ গাঁঠিৰ স্থিৰতা বজাই ৰাখে। দুয়োটা লিগামেণ্ট ফাটি যোৱাৰ অৰ্থ হ’ল আঘাত অধিক গুৰুতৰ। সুস্থ হ’বলৈ বহু সময় লাগিব।”  যুৱ ক্ৰিকেটাৰগৰাকী এতিয়া কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালৰ ক্ৰীড়া বিজ্ঞান আৰু সুস্থতা বিভাগৰ মুৰব্বী বৈভৱ দগাৰ অধীনত চিকিৎসাধীন হৈ আছে। তেওঁ কয়, ‘এচিএলৰ আঘাতৰ পৰা সুস্থ হ’বলৈ সাধাৰণতে ছয়ৰ পৰা ন মাহ সময় লাগে। ইয়াৰ পিছত আমি পৰিস্থিতি বিবেচনা কৰি খেলপথাৰলৈ উভতি যাবলৈ অনুমতি দিওঁ। যদি এম চি এলৰ ক্ষতি হয় তেন্তে ভাল হ’বলৈ তিনি-চাৰি মাহ সময় লাগে। অস্ত্ৰোপচাৰ কেনেকৈ হৈছিল তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দক্ষতা গুৰুত্বপূৰ্ণ।”

 

ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপলৈকে পন্তে খেলাৰ সম্ভাৱনা নাই। অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপক লৈও তেওঁ অনিশ্চিত।৩০ ডিচেম্বৰৰ নিশা দিল্লীৰ পৰা ৰুৰকীলৈ পথেৰে ঘৰলৈ উভতি অহাৰ সময়ত পন্তৰ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত হয়। ভাৰতীয় উইকেটকীপাৰ বেটছমেনগৰাকীক প্ৰথমে স্থানীয় উদ্ধাৰকাৰীয়ে ৰুৰকীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল। পিছত তেওঁক ডেৰাডুনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এয়াৰ এম্বুলেন্সৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।

Previous Post

চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো

Next Post

গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7