পুনৰ আন এক সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হ’ল টকিঅ’ পেৰা-অলিম্পিক চেম্পিয়ন প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ অৱনী লেখাৰাই । ২০২২ বৰ্ষৰ ৭ জুনত ফ্ৰান্সত অনুষ্ঠিত হোৱা পেৰা শ্বুটিং বিশ্বকাপৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ ১ শাখাত ২৫০.৬ পইণ্টছেৰে বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’ল অৱনী লেখাৰা ৷
২০ বছৰীয়া ভাৰতীয় শ্বুটাৰগৰাকীয়ে পূৰ্বৰ ২৪৯.৬ পইণ্টছৰ নিজৰেই বিশ্ব অভিলেখ ভংগ কৰি ইতিমধ্যে ২০২৪ চনৰ পেৰিছ পেৰা-অলিম্পিকত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে ।